১২-১৫ আগষ্টৰ ভিতৰত উত্তৰ-পশ্চিম ভাৰতত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা

উত্তৰ-পশ্চিম ভাৰতত ১২ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।

আগন্তুক ৪-৫ দিনৰ ভিতৰত উত্তৰ-পশ্চিম ভাৰতত স্বাভাৱিক বাৰিষাৰ আগমণ ঘটিব। ৩-৪ দিনৰ ভিতৰতে আৰৱ সাগৰৰ পৰা উত্তৰ-পশ্চিম ভাৰত আৰু মধ্য ভাৰতলৈ মৌচুমী জলবায়ুৰ প্ৰৱেশ ঘটিব বুলিও বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সদৰী কৰা হৈছে।

উত্তৰ-পশ্চিম ভাৰতৰ ভিতৰত দিল্লী, ৰাজস্থান আদি ৰাজ্যত ১২ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।

চলিত বৰ্ষত উত্তৰ-পশ্চিম ভাৰতত স্বাভাৱিকতকৈ কম পৰিমাণত বৰষুণ হৈছে।

আনহাতে, বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰৱ সাগৰৰ লগতে বংগোপ সাগৰৰো নিম্ন চাপৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি ইয়াৰ ফলত ওড়িশা, পশ্চিমবংগ আৰু উত্তৰ-পূবত বৰষুণ হোৱাৰ আশা ব্যক্ত কৰিছে।