NORTHEAST NOW (Assamese)

জুপুৰীৰ পৰা জাপানলৈ : দাৰিদ্ৰতাক নেওচি বৈজ্ঞানিক প্ৰতিভাৰ নিদৰ্শন ভাৰতীয় যুৱতীৰ

July 21, 2025 3:32 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

জুপুৰীৰ পৰা গৈ এতিয়া বিদেশত যুৱ বিজ্ঞানী হিচাপে প্ৰতিষ্ঠিত হ’ল উত্তৰ প্ৰদেশৰ এগৰাকী ১৭ বছৰীয়া যুৱতী । শেহতীয়াকৈ জাপানৰ পৰা উভটি আহিছে পূজা।

পূজাই নিৰ্মাণ কৰা এটা বৈজ্ঞানিক মডেলে কেৱল ৰাষ্ট্ৰীয় স্বীকৃতিয়েই নহয় এক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়েও পূজাক স্বীকৃতি দিছে।

সীমিত সম্পদেৰে জীয়াই থকা পূজাই চাৰি বছৰ আগতে ধূলিমুক্ত থ্ৰেছাৰৰ মডেল বনোৱাৰ ধাৰণাটো লাভ কৰিছিল। সেই সময়ত পূজা অষ্টম শ্ৰেণীত পঢ়িছিল।

সময়ৰ লগে লগে এই মডেলটোৰ তেওঁ বহু উন্নতি কৰে আৰু ২০২৩ চনত এই মডেলটো ৰাষ্ট্ৰীয় প্ৰতিযোগিতা ‘ইনস্পাইৰ’ বঁটাত নিৰ্বাচিত হয়। সমগ্ৰ দেশৰ পৰা ৬০ গৰাকী বিজয়ীৰ ভিতৰত উত্তৰ প্ৰদেশৰ পৰা কেৱল পূজাহে নিৰ্বাচিত হয়।

এই ৬০ জন বিজয়ী সকলোকে বিনিময় কাৰ্যসূচীৰ জৰিয়তে জাপানলৈ প্ৰেৰণ কৰা হয়।

পূজাই কয়, “জাপানৰ পৰা উভতি অহাৰ পৰাই আমাৰ দুৱাৰৰ কাষেৰে যিয়েই পাৰ হৈ যায়, নিশ্চয় আমাৰ ফালে এবাৰ চায়। মানুহে কয়, এই ঘৰৰ ছোৱালীজনী বিদেশৰ পৰা উভতি আহিছে।”

উল্লেখ্য যে পূজাৰ পৰিয়ালত সাতজন সদস্য। চৰকাৰী থকাৰ ব্যৱস্থা নাই, শৌচাগাৰ নাই। জুপুৰীৰ এটা চুকত অধ্যয়ন কৰে পূজাই। আনটো চুকত চৌকা জ্বলোৱা হয়, কিন্তু এই জুপুৰীৰ পৰাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সফলতাৰ উন্মেষ ঘটিছে।

পূজাৰ পিতৃ পুত্তীলাল দৈনিক মজুৰি শ্ৰমিক আৰু মাক স্থানীয় প্ৰাথমিক বিদ্যালয়ত ৰান্ধনী।

তিনিগৰাকী ভগ্নী আৰু দুজন ভাতৃৰ ভিতৰত পূজা দ্বিতীয় সন্তান। বৰ্তমান জগদীশচন্দ্ৰ ফতেহৰাই ইণ্টাৰ কলেজৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী পূজা।

Related News