কাইলৈৰ পৰা তিনিওজন অগপৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰচাৰ চলাব দলটোৰ ক্ষুব্ধ একাংশ নেতা-কৰ্মীয়ে

অগপক পুনৰ্গঠন কৰাৰ সংকল্পেৰে ৫টা সিদ্ধান্ত অশ্বিন কুমাৰ মহন্তৰ নেতৃত্বত একাংশৰ

AGP_Ashin Kr Mahata

অগপৰ একাংশ ক্ষুব্ধ নেতা-কৰ্মীক লৈ অশ্বিন কুমাৰ মহন্তৰ সংবাদমেল। ৭ এপ্ৰিলত, দিচপুৰ প্ৰেছক্লাবত।

অসম গণ পৰিষদ দলটোক পুনৰ বলিষ্ঠ আঞ্চলিকতাবাদৰ প্ৰতিভূ কৰি তুলিবলৈ আজি ৫টাকৈ সিদ্ধান্ত গ্ৰহণ কৰে দলটোৰ একাংশ নেতা-কৰ্মীয়ে। দলটোৰ তথ্য বিভাগৰ প্ৰাক্তন সম্পাদক ড০ অশ্বিন কুমাৰ মহন্তই এই ক্ষেত্ৰত আগভাগ লৈছে।

আজি দিচপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলত এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে ড০ অশ্বিন কুমাৰ মহন্ত আৰু তেওঁৰ সৈতে থকা নেতা-কৰ্মীসকলে।

“অগপ দলটোক জলাঞ্জলি দিবলৈ দিয়া নহয়. ইয়াক পুনৰ গঠন কৰা হ’ব।” মহন্তই সংবাদ মাধ্যমক কয়।

দলটোৰ বৰ্তমানৰ নেতৃত্বৰ ভুল সিদ্ধান্তৰ বিষয়ে তৃণমূল কৰ্মীসকলক সজাগ কৰিবলৈ আৰু নতুন দিশত আগ বঢ়াই নিবলৈ তেওঁৰ নেতৃত্বত এখন ২০জনীয়া কমিটী গঠন কৰা হয় আৰু এই কমিটীয়ে ৫টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়।

এই সিদ্ধান্তকেইটা হ’ল-

১) অগপৰ বৰ্তমানৰ নেতাসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব খোজা বিজেপি দলৰ লগত মিত্ৰতা কৰাটো কোনোপধ্যেই মানি লোৱা নহ’ব। তেওঁলোকে লোৱা সিদ্ধান্তসমূহ অগপ দলৰ সিদ্ধান্ত নহয়। গতিকে দেশ আৰু জাতিৰ স্বাৰ্থ তথা আঞ্চলিকতাবাদৰ নীতি-আদৰ্শ বিসৰ্জন দি নাগৰিকত্ব সংশোধনী বিধেয়ক অনা বিজেপিৰ লগত হাত মিলাই নিৰ্বাচনৰ বৈতৰণী পাৰ হ’ব খোজা ব্যক্তিক প্ৰতিহত কৰিব লাগে। ধুবৰী, কলিয়াবৰ আৰু বৰপেটাত প্ৰতিনিধিত্ব কৰিবলৈ ওলোৱা প্ৰাৰ্থীসকলক বৰ্জন কৰিব লাগে।

2) নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰা ব্যক্তি আৰু দলক অসমবাসী ৰাইজে দেশ আৰু জাতি ৰক্ষাৰ স্বাৰ্থত এটাও ভোট প্ৰদান কৰিব নালাগে। তেওঁলোকে পুনৰ নিৰ্বাচনত জিকি আহিলে নাগৰিকত্ব বিধেয়ক আনিম বুলি কৈ যি দম্ভ মাৰি আছে সেই দম্ভ ওফৰাবলৈ সমূহ অসমবাসী ৰাইজে যোগ্য তথা জিকিব পৰা ব্যক্তি আৰু দলৰ সমৰ্থকক বিপুল ভোট প্ৰদানেৰে জয়যুক্ত কৰিব লাগে।

৩) ড০ অশ্বিন কুমাৰ মহন্তৰ নেতৃত্বত এখন ২০জনীয়া কমিটী গঠন (ইতিমধ্যে কৰা হৈছে)। এই কমিটীয়ে অহা ৮ এপ্ৰিলৰ পৰা ২১ এপ্ৰিললৈকে বিভিন্ন লোকসভা সমষ্টি বিশেষকৈ ধুবুৰী, বৰপেটা আৰু কালিয়াবৰত অগপ দলৰ তৃণমূল পৰ্য্যায়ৰ কৰ্মী, বিভিন্ন পৰ্য্যায়ৰ বিষয়ববীয়া আৰু শুভাকাংক্ষী ৰাইজৰ সমৰ্থনত নাগৰিকত্ব বিধেয়ক সমৰ্থন কৰা ব্যক্তি আৰু ৰাজনৈতিক দলৰ বিৰুদ্ধে সজাগতা অভিযান চলাব।

৪) অহা ২৪ এপ্ৰিলৰ পৰা ২২ মে’লৈকে অশ্বিন কুমাৰ মহন্তৰ নেতৃত্বত ২০জনীয়া সমিতিয়ে পৰ্য্যায়ক্ৰমে বিভিন্ন জিলাৰ অগপৰ তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু বিষয়ববীয়া আৰু ৰাইজৰ সমৰ্থনত অগপ দলৰ বৰ্তমানৰ জিলা পৰ্যায়ত থকা সকলো নেতাক বিভিন্ন বিষয়বাবৰ পৰা সমূহীয়া পদত্যাগ কৰাবলৈ প্ৰচেষ্টা লোৱা হ’ব।

সভাপতি অতুল বৰাৰ গৃহ জিলা গোলাঘাটৰ পৰা এই অভিযান আৰম্ভ কৰা হ’ব বুলি মহন্তই সংবাদমেলত জনায়।

৫) অহা জুন মাহৰ প্ৰথম সপ্তাহত অগপ দলৰ গণ অভিৱৰ্তন আৰু সাধাৰণ পৰিষদৰ আহ্বান কৰি দলটোক পুনৰ গঠন কৰি সংস্কাৰ কৰা হ’ব। দলটোক জাতি-ধৰ্ম-বৰ্ণ-ভাষাৰ ঊৰ্ধ্বত ৰাখি অসমৰ খিলঞ্জীয়া ৰাইজৰ আশা-আকাংক্ষা প্ৰতিফলিত হোৱাকৈ ৰূপ দিয়া হ’ব।

ইপিনে অশ্বিন কুমাৰ মহন্তই অগপৰ প্ৰাৰ্থীকেইজনৰ তিনিওখন আসনতে পৰাজয় হ’ব বুলি ভৱিষ্যদ্বাণী কৰে।

উল্লেখযোগ্য যে যোৱা ৪ এপ্ৰিলতো অশ্বিন কুমাৰ মহন্ত আৰু অৰূপ বৰা, দেৱৰো কৈৰী, স্বৰস্বতী দাস, দীপ্তি শৰ্মা, ৰিংকু তালুকদাৰ, অবিনাশ বৰঠাকুৰ, জাহিদুৰ ৰহমান, নিৰ্মল কুমাৰ শইকীয়া, ৰাজু মহন্ত আৰু অজিত দত্ত প্ৰমুখ্যে দলৰ ভালেমান নেতা-কৰ্মীয়ে বিজেপিৰ সৈতে মিত্ৰতাৰ তীব্ৰ বিৰোধিতা কৰি সংবাদমেল দিছিল।