বৰ জংক-পংক! বিশ্বৰ বৃহত্তম ইংৰাজী শব্দটোত আছে ২ লাখ আখৰ! কওকচোন কি?

প্ৰতিনিধিত্বমূলক ফটো।

বিশ্বৰ বহু ডাঙৰ ডাঙৰ কথাক লৈ চৰ্চা চলি থাকে। সেইবোৰ গিনিজ বুক অৱ ৰেকৰ্ডছতো উল্লেখ কৰা হৈছে। আকৌ বহু সৰু সৰু কথাৰ ক্ষেত্ৰতো তেনে হয়। কিন্তু বিশ্বৰ আটাইতকৈ ডাঙৰ ইংৰাজী শব্দটো কি যদি ক’বলৈ কোৱা হয়?

মুখেৰে শব্দটো ক’বলৈ গ’লে স্বাভাৱিকতে উজুটি-বিজুতি খাব লাগিব। আৰু কাগজত লিখিবলৈ কেইবা ঘন্টা সময় লাগিব পাৰে! কাৰণ সেই শব্দটো যে ইমানেই ডাঙৰ! আনহাতে, আটাইতকৈ সৰু শব্দটোৰ লগত নিজৰে মিল বিচাৰি পাব!

পৃথিৱীৰ আটাইতকৈ চুটি শব্দটো আকৌ বহুত চুটি। এই অতি সৰু শব্দটোৰ অৰ্থও নিজৰ লগত মিলি যায়। কোনো হোৱাটছএপ অভিধানৰ শব্দ নহয়। মূল অভিধানৰ পৰা লোৱা এটা শব্দ – I মানে মই! ইয়াক পৃথিৱীৰ আটাইতকৈ সৰু শব্দ হিচাপে গণ্য কৰা হয়।

লগতে পঢ়কঃ এইবাৰ মধ্যপ্ৰাচ্যত নিষিদ্ধ এইখন হিন্দী চিনেমা; কিয় নিষিদ্ধ হ’ল ইয়ামি গৌতম অভিনীত ছবিখন?

পিচে, বিশ্বৰ আটাইতকৈ দীঘল ইংৰাজী শব্দ (Longest English Word)ৰ উত্তৰ হিচাপে বহুতে এটা ৰোগৰ নাম কয়। সেই হাওঁফাওঁৰ ৰোগটোক PNEUMONOULTRAMICROSCOPICSILICOVOLCANOCONIOSIS বুলি কোৱা হয়। নিউমোআল্ট্ৰামাইক্ৰস্কোপিকচিলিকোবুলকেন’কনিঅ’ছিছ। এই শব্দটোৰ মুঠ আখৰ ৪৫টা। কিন্তু আচলতে ই পৃথিৱীৰ আটাইতকৈ ডাঙৰ ইংৰাজী শব্দ নহয়।

আনহাতে, কেইবাটাও সূত্ৰই নিউজিলেণ্ডৰ এটা পৰ্বতৰ নামক আটাইতকৈ ডাঙৰ ইংৰাজী শব্দ বুলি দাবী কৰিছে। এই বিশেষ পৰ্বতটো নিউজিলেণ্ডৰ হক’ছ বে’ৰ ওচৰত। নাম TAUMATAWHAKATANGIHANGAOAUAUOTAMETEATURIPUKAKAPIKIMAUNGAHORONUKUPOKAIWHENUAKITANATAHU। এই এটা শব্দৰ ভিতৰত ৮৪টা আখৰ আছে।

লগতে পঢ়কঃ আৰাকান আৰ্মীয়ে ছিটৱে বন্দৰৰ সমীপৰ স্থানসমূহ দখল কৰাৰ পিছত সংকটত অভিলাষী কালাডান প্ৰকল্পৰ ভৱিষ্যত

কিন্তু নাই, সেইটোও পৃথিৱীৰ আটাইতকৈ ডাঙৰ শব্দটো নহয়। কাৰণ ৰসায়ন বিজ্ঞানে বিশ্বৰ সৰ্ববৃহৎ শব্দ নিৰ্মাতাৰ খিতাপ কাঢ়ি লৈ ​​গৈছে।

ৰসায়ন বিজ্ঞানত বিভিন্ন যৌগসমূহৰ নাম যথেষ্ট ডাঙৰ। দীঘলীয়া বন্ধনৰ দ্বাৰা সংযুক্ত হৈ থাকে যৌগসমূহ। ইয়াৰ নামবোৰ আৰু ডাঙৰ। কিমান ডাঙৰ সেইটো জানি যেন চকু কপালত উঠিব।

দেখা গৈছে যে প্ৰটিন টাইটিনৰ ৰাসায়নিক নামটো ইংৰাজী ভাষাৰ আটাইতকৈ দীঘল শব্দ। কাৰণ এই শব্দটোত মুঠ প্ৰায় ২ লাখ আখৰ আছে! যাৰ প্ৰথম হাজাৰটা চৰিত্ৰই আক্ষৰিক অৰ্থত গাৰ ঘাম বাহিৰ কৰি দিব পাৰে। জানিব পৰা মতে ইয়াত মুঠ ১লাখ ৮৯ হাজাৰ ৮১৯ টা আখৰ আছে আৰু ইয়াক পঢ়ি অঁতাবলৈ ৩-৪ঘন্টা সময় লাগিব পাৰে।

লগতে পঢ়কঃ দেশত বৃদ্ধি পাইছে ঘৃণামূলক ভাষণৰ ঘটনা; ৭৫% ঘৃণামূলক ভাষণৰ ঘটনাই বিজেপি শাসিত ৰাজ্যত

ইমান ডাঙৰ নাম কিয়? ইয়াৰ বৃহৎ নামটোৰ বাবে ইয়াৰ ৰাসায়নিক সংকেতেই দায়ী বুলি বিজ্ঞানীসকলে কয়। প্ৰটিন টাইটিনৰ ৰাসায়নিক প্ৰতীক হ’ল C₁₆₉ ₇₁₉H₂₇₀ ₄₆₄N₄₅ ₆₈₈O₅₂ ₂₃₇S₉₁₁। কেৱল প্ৰথম স্থানেই নহয়, দ্বিতীয় আৰু তৃতীয় স্থানো কিছু ৰাসায়নিক যৌগই দখল কৰিছে। কাৰণ তেওঁলোকৰ নামতো ১৯ হাজাৰ, ১৮ হাজাৰকৈ আখৰ আছে!