New Covid SOP: ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন কোভিড SOP, কি আছে নতুন SOP ত?

কোভিডৰ সংক্ৰমণ ৰাজ্যৰ বিভিন্ন প্ৰান্ত কম-বেছি পৰিমাণে অব্যাহত থকাৰ সময়তে আজি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে এখন নতুন SOP প্ৰকাশ কৰে।

এই নতুন SOPত মূলতঃ বাহিৰৰ পৰা অসমলৈ অহা যাত্ৰীসকলৰ বাবে কেতবোৰ বিশেষ নিৰ্দেশনা প্ৰদান কৰা হৈছে।

নতুন SOP অনুসৰি বাহিৰৰ পৰা অহা যিসকল লোকে কোভিড ভেকচিনৰ দুটা পালি গ্ৰহণ কৰিছে তেওঁলোকে বিমান বন্দৰ, ৰে’ল ষ্টেছন আদিত কোভিডৰ পৰীক্ষা কৰোৱাব নালাগে।

ইয়াৰ বাবে তেওঁলোকে ভেকচিনৰ দুটা পালি গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰদৰ্শন কৰিলেই হ’ব।

আনহাতে কোভিড ভেকচিনৰ মাত্ৰ এটা পালি গ্ৰহণ কৰা তথা কোভিড ভেকচিনৰ দুটা পালি গ্ৰহণ কৰাৰ পিছতো কোভিডৰ লক্ষণ থকা লোকসকলে বাধ্যতামূলক ভাবে বিমান বন্দৰ, ৰে’ল ষ্টেছন আদিত RT-PCR পৰীক্ষা কৰোৱাব লাগিব।

এই পৰীক্ষা সংশ্লিষ্ট যাত্ৰীসকলে নিজৰ খৰচত কৰোৱাব লাগিব। RT-PCR পৰীক্ষাৰ খৰচ চৰকাৰে সৰ্বাধিক ২৫০ টকা নিৰ্ধাৰণ কৰি দিছে।

আনহাতে কোভিড ভেকচিনৰ দুটা পালি গ্ৰহণ কৰা যিসকল অভিভাৱকৰ সৈতে তেওঁলোকৰ ১০ বছৰৰ ভিতৰৰ সন্তান আহে সেই সন্তানৰো কোভিড পৰীক্ষা বাধ্যতামূলক নহয়।

অৱশ্যে কোনোৱা অভিভাৱকে ১০ বছৰৰ ভিতৰৰ সন্তানৰ কোভিডৰ পৰীক্ষা কৰোৱাব বিচাৰিলে সেয়া কৰোৱাব পাৰিব।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ প্ৰধান সচিব অনুৰাগ গোৱেলে স্বাক্ষৰ কৰা নতুন SOPত এই কথা কোৱা হৈছে।