NORTHEAST NOW (Assamese)

কাইলৈ জি বিদাই ওৰফে বিষ্ণু গয়াৰীয়েও যোগ দিব এন ডি এফ বিৰ শান্তি আলোচনাত

January 21, 2020 4:49 pm · এন ই নাও নিউজ
জি বিদাই। ফাইল ফটো।

কেন্দ্ৰীয় চৰকাৰে এন ডি এফ বিৰ সৈতে কৰিব খোজা শান্তি আলোচনাত জি বিদাইৰ গোটটোও চামিল হোৱাৰ নিশ্চিত তথ্য পোৱা গৈছে।

বিশেষ এটা সূত্ৰই জনোৱা মতে, কাইলৈ অৰ্থাৎ ২২ জানুৱাৰিত জি বিদাই আৰু তেওঁৰ সতীৰ্থসকলে শান্তি আলোচনাৰ বাবে সন্মতি প্ৰদানেৰে মূল সুঁতিত যোগদান কৰিব।

যোৱা সপ্তাহত এন ডি এফ বিৰ চাওৰাইগৱৰা গোটৰ ম্যানমাৰৰ পৰা আহি এই প্ৰস্তাৱিত শান্তি আলোচনাত যোগদান কৰিছে। তেওঁ গোটটোৰ প্ৰায় ৫০জনীয়া সদস্যৰ এটা দল অসমলৈ ঘূৰি আহিছে আৰু এতিয়া নামনি অসমৰ এটা সেনা নিৱাসত তেওঁলোকক ৰখা হৈছে।

জানিব পৰা মতে, কেন্দ্ৰৰ গৃহ মন্ত্ৰ্যালয়ে শান্তিচুক্তিৰ বাবে এখন খচৰা প্ৰস্তুত কৰি আছে, য’ত সশস্ত্ৰ বিদ্ৰোহী সংগঠন এন ডি এফ বিৰ তিনিটা গোটক (faction) জড়িত কৰা হৈছে।

জি বিদাই ওৰফে বিষ্ণু গয়াৰী আলোচনাটোত যোগদান নকৰিব পাৰে বুলি খবৰ ওলাই আছিল আৰু ই আলোচনাটোক অসম্পূৰ্ণতা দিব বুলি শংকা প্ৰকাশ পাইছিল। এন ডি এফ বিৰ দুৰ্ধৰ্ষ নেতাজনৰ সৈতে প্ৰায় ৫০জন সশস্ত্ৰ কেডাৰ আছে।

বিদাই ধাৰাবাহিক বোমা বিস্ফোৰণ, প্ৰিয়া বসুমতাৰীৰ হত্যাকাণ্ড, ২০১৪ৰ দুটাকৈ ধাৰাবাহিক হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড আছিল।

Related News