NORTHEAST NOW (Assamese)

জন্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল জি চি মুৰ্মুৰ উপদেষ্টাৰ পত্নী-পুত্ৰৰ শৰীৰত কোভিড১৯

May 25, 2020 6:19 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি, সৌজন্য- ইন্টাৰনেট

জন্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল জি চি মুৰ্মুৰ এগৰাকী উপদেষ্টাৰ পত্নী আৰু পুত্ৰৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱা গৈছে।

সোমবাৰে এক চৰকাৰী সূত্ৰই এই কথা প্ৰকাশ কৰে।

চৰকাৰী সূত্ৰই জনোৱামতে উপদেষ্টাজনৰ পত্নী আৰু পুত্ৰ কিছু দিনৰ পূৰ্বে ৰাজধানী দিল্লীৰ পৰা উভতি আহিছিল।

দিল্লীৰ পৰা উভতি অহাৰ পিছত তেওঁলোকক এটা গেষ্ট হাউছত কোৱাৰেন্টাইন কৰা হৈছিল।

দেওবাৰে নিশাই উপদেষ্টাগৰাকীৰ পত্নী-পুত্ৰৰ শৰীৰত কোভিড১৯ পজিটিভৰ উপস্থিতি কথা জানিব পৰা যায় বুলি চৰকাৰী সূত্ৰটোৱে জানিবলৈ দিয়ে।

ইয়াৰ পিছতে উপ-ৰাজ্যপালৰ উপদেষ্টাগৰাকীয়ে ৰেইছীৰ চুপাৰ-স্পেচিয়েলিটি হাস্পতালত নিজকে কোৱাৰেন্টাইন কৰিছে।

ইতিমধ্যে উপদেষ্টাগৰাকীৰ শৰীৰ নমুনা পৰীক্ষা কৰা হৈছে যদিও বৰ্তমানৈলেক তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল অহা নাই।

আনহাতে আক্ৰান্ত লোক দুজনৰ কনটেক্ট ট্ৰেছিং কৰি তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলৰ স্বাস্থ্য নমুনাও সংগ্ৰহ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

Related News