বিশ্বপ্ৰসিদ্ধ সাহিত্যিক মাৰ্কুৱেজৰ গোপন প্ৰেমৰ স্বাক্ষৰ! কি সম্পৰ্ক প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে!

Indira Gandhi

সাহিত্যৰ ভূ ৰখা পাঠক সকলৰ বাবে গেব্ৰিয়েল গাৰ্ছিয়া মাৰ্কুৱেজ এটা পৰিচিত নাম। এই বিশ্ব বিখ্যাত সাহিত্যিক গৰাকীৰ সৈতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ এক সম্পৰ্কৰ কথা সম্প্ৰতি পোহৰলৈ আহিছে।

অৱশ্যে চৰ্চালৈ অহা বিষয়টো ইন্দিৰা গান্ধীৰ সৈতে মাৰ্কুৱেজৰ প্ৰত্যক্ষ সম্পৰ্কৰ বাবে নহয়, আন এটা কাৰণতহে এই সম্পৰ্ক চৰ্চিত হৈ পৰিছে।

ব্ৰিটেইনৰ দ্য টাইমছে এক প্ৰতিবেদনত এই সম্পৰ্কৰ বিষয়ে পোহৰলৈ আহিছে। দৰাচলতে কলম্বিয়াত জন্মগ্ৰহণ কৰা ন’বেল বঁটা বিজয়ী মাৰ্কুৱেজ ১৯৯০ ৰ দশকত মেক্সিকান লেখিকা চুচানা কাটোৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক আছিল বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে।

দুয়োৰে এগৰাকী কন্য আছিল আৰু প্ৰাক্তন ভাৰতীয় প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নামৰ আধাৰত এই কন্যাগৰাকীৰ নাম ইন্দিৰা ৰখা হৈছিল বুলি দ্য টাইমছে বুধবাৰে প্ৰকাশ কৰিছে।

প্ৰতিবেদনত কোৱা হৈছে যে সমগ্ৰ বিশ্বতে জনপ্ৰিয় মাৰ্কুৱেজে ইন্দিৰা গান্ধীক উচ্চ প্ৰশংসা কৰিছিল। ১৯৮২ চনত মাৰ্কুৱেজে সাহিত্যৰ ন’বেল বঁটা লাভ কৰাৰ সময়ত তেওঁক অভিনন্দন জনোৱা প্ৰথম ব্যক্তি আছিল ইন্দিৰা গান্ধী।

মাৰ্কুৱেজে তেওঁতকৈ ৩৩ বছৰ সৰু কাটোৰ সৈতে দুখন চলচ্চিত্ৰচিত্ৰত কাম কৰিছিল। তেতিয়াই দুয়োৰে মাজত ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠে আৰু এই ঘনিষ্ঠতাৰ সূত্ৰেই তেওঁলোকৰ কন্যা সন্তানগৰাকীৰ জন্ম হয়।

বৰ্তমান ৩০ বৰ্ষীয় ইন্দিৰা কাটোৱে পিছত তেওঁৰ মাতৃৰ উপাধি গ্ৰহণ কৰে। ইন্দিৰা কাটো বৰ্তমান মেক্সিকো চিটিৰ এগৰাকী বিখ্যাত তথ্যচিত্ৰ প্ৰযোজক। তেওঁ মেক্সিকোৰ মাজেৰে যোৱা প্ৰব্ৰজনকাৰীসকলৰ ওপৰত ২০১৪ চনৰ এখন তথ্যচিত্ৰৰ বাবে কেইবাটাও বঁটা লাভ কৰিছে।

মাৰ্কুৱেজৰ দীৰ্ঘদিনীয়া গোপন সম্পৰ্ক প্ৰকাশ হোৱাৰ দুদিন পিছত ইন্দিৰা কাটোৰ নামৰ উৎপত্তি সম্পৰ্কে দ্য টাইমছৰ প্ৰতিবেদনত প্ৰতিফলিত হৈছে। কলম্বিয়াৰ বাতৰি কাকত এল ইউনিভাৰ্চেলে দেওবাৰে মাৰ্কুৱেজৰ এই গোপন সম্পৰ্কৰ কথা প্ৰথমবাৰৰ বাবে প্ৰতিবেদন প্ৰকাশ কৰিছিল।

সাহিত্যিক গৰাকীৰ মৃত্যুৰ প্ৰায় আঠ বছৰ পিছত এই গোপন সম্পৰ্কৰ কথা উন্মোচিত হৈছে।

টাইমছৰ প্ৰতিবেদনত কোৱা হৈছে যে ইন্দিৰা কাটোৰ জন্মৰ সময়ত গেব্ৰিয়েল গাৰ্ছিয়া মাৰ্কুৱেজ পাঁচ দশক ধৰি মাৰ্চিডিজ বৰচাৰ সৈতে সুখেৰে সাংসাৰিক জীৱনত আৱদ্ধ হৈ আছিল আৰু তেওঁলোকৰ দুটা সন্তান আছিল।

মাৰ্কুৱেজৰ পৰিয়ালৰ সদস্যসকলে ২০২০ চনৰ আগষ্টত মৃত্যু হোৱা বৰচাৰ প্ৰতি সন্মানৰ বাবে পূৰ্বে মাৰ্কুৱেজৰ গোপন সম্পৰ্কৰ বিষয়ে প্ৰকাশ কৰা নাছিল বুলি এল ইউনিভাৰ্চেলৰ প্ৰতিবেদনত কোৱা হৈছে।

ছ’চিয়েল মিডিয়াৰ জৰিয়তে ইন্দিৰা কাটোৰ সৈতে সম্পৰ্কত থকা মাৰ্কুৱেজৰ ভতিজা গেব্ৰিয়েল এলিজিঅ টৰেছ গাৰ্ছিয়াই কয় যে মাৰ্কুৱেজৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক ৰক্ষা কৰা চুচানাই তেওঁৰ জীয়েকৰ বংশৰ বিষয়েও আলোকপাতৰ পৰা আঁতৰাই ৰাখিছিল।