ৰক্তৰ আৰাধনা। এটা মন্দিৰত ৪৮ ঘণ্টাত ৩০ হাজাৰ পশুৰ বলি দি কৰা হৈছে দেৱ-দেৱতাক সন্তুষ্টি। যাৰ বাবে এই মন্দিৰটো এতিয়া সমগ্ৰ বিশ্বতে চৰ্চিত হৈ পৰিছে ।
নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত বেৰিয়াপুৰত অৱস্থিত গাধিমাই নামৰ এটা মন্দিৰ। এই মন্দিৰত প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে দুদিনীয়াকৈ অনুষ্ঠিত হয় এক মেলা।
আৰু দুদিনীয়াকৈ অনুষ্ঠিত এই মেলাতেই দিয়া হয় হাজাৰ হাজাৰ পশুৰ বলি। এইবাৰো মঙলবাৰ আৰু বুধবাৰে অনুষ্ঠিত হৈ যায় এই মেলা। আৰু দুদিনত অৰ্থাৎ ৪৮ ঘণ্টাত এই গাধিমাই মন্দিৰত দিয়া হ’ল ৩০ হাজাৰ পশুৰ বলি।
এই মন্দিৰটোত শক্তীৰ অধিকাৰী গাধিমাই দেৱীক সন্তুষ্ট কৰিবৰ বাবেই এই হাজাৰ হাজাৰ জীৱ-জন্তুৰ বলি দিয়া হয়। অৰ্থাৎ হাজাৰ হাজাৰ পশুৰ ৰক্তৰে দেৱীক আৰাধনা কৰা হয়।
উল্লেখযোগ্য যে ২০১৬ চনতে নেপালৰ উচ্চতম ন্যায়ালয়ে চৰকাৰক গধিমাই মন্দিৰত হোৱা বলি প্ৰথা বন্ধ কৰাৰ বাবে নিৰ্দেশ দিছিল। কিন্তু ইয়াৰ পিছতো গধিমাই মন্দিৰত বলি প্ৰথা চলিয়েই আছে।
আনকি বন্যপ্ৰাণীৰ সুৰক্ষাৰ অধিকাৰৰ সপক্ষে মাত মাতি অহা বিভিন্ন সংগঠন সমূহেও ইয়াৰ বিৰোধিতা কৰি আহিছে। কিন্তু মন্দিৰৰ কৰ্তৃপক্ষই ইয়াৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰি বলি প্ৰথা চলাই আহিছে।