কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট কৰ’না পজিটিভ; হাস্পাতালত ভৰ্তি

coron_5f16bace973f2

কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট।

কেন্দ্ৰীয় চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটৰ কৰ’না পজিটিভ পোৱা গৈছে। ইয়াৰ পৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান কৰ’নাত আক্ৰান্ত হৈছিল।

মন্ত্ৰী গজেন্দ্ৰ সিঙে জানিবলৈ দিছে,’’অসুস্থতাৰ বাবে কিছু লক্ষণ দেখা দিয়াত মই কৰ’না টেষ্ট কৰোৱাও আৰু মোৰ ৰিপ’ৰ্ট পজিটিভ আহে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি মই হাস্পাতালত ভৰ্তি হৈছো। বিগত দিনত মোৰ সংস্পৰ্শলৈ অহা সকলোকে নিজেই আইছ’লেট হৈ থাকি পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছো।‘’

এতিয়ালৈকে বহুকেইজন ভিভিআইপি কৰ’নাৰ গ্ৰাসত পৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, আয়ুষ বিভাগৰ মন্ত্ৰী শ্ৰীপদ নাইক, কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ কৰ’না পজিটিভ ধৰা পৰিছিল।

তদুপৰি, স্বাস্থ্য মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব লভ আগৰৱালাৰো কৰ’না পজিটিভ পোৱা গৈছিল।

ইপিনে দেশত কৰ’না আক্ৰান্তৰ সংখ্যা দিনে দিনে বৃদ্ধি পাবলৈ লৈছে। এতিয়ালৈকে দেশত কৰ’না আক্ৰান্তৰ সংখ্যা ২৮লাখ অতিইক্ৰম কৰিছে।

বিগত ২৪ ঘন্টাত কৰ’নাত এতিয়ালৈকে আটাইতকৈ সৰ্বাধিক ৬৯,৬৫২গৰাকী লোক আক্ৰান্ত হৈছে।