২৭ বছৰৰ পাছত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া ছিৰিজত পৰাজয়; বলিঙেৰে দৃষ্টি কাঢ়িলে ৰিয়ানে

গুৰু গম্ভীৰৰ ছত্ৰছায়াত আছিল প্ৰথমটো এদিনীয়া শৃংখলা। চেম্পিয়নছ ট্ৰফীৰ আগতে প্ৰস্তুতি চলোৱাৰ আছিল সৰ্বোত্তম সুযোগ। কিন্তু শ্ৰীলংকাৰ বিৰুদ্ধে ছিৰিজত টিম ইণ্ডিয়াৰ প্ৰদৰ্শন লজ্জাজনক। তিনিখন খেলৰ শৃংখলাত ৰোহিত বাহিনীয়ে এখনো মেচত জয়ী হ’ব নোৱাৰিলে।

প্ৰথমখন মেচ টাই হোৱাৰ পিছত একেৰাহে দুখন মেচত পৰাস্ত হয় ভাৰত। শ্ৰীলংকাই ২-০ ব্যৱধানত জয়লাভ কৰে। ভাৰতে বিগত ২৭ বছৰত শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিপাক্ষিক এদিনীয়া শৃংখলাত পৰাস্ত হোৱা নাছিল। কিন্তু সেই অভিলেখ ভংগ হ’ল গৌতম গম্ভীৰৰ প্ৰশিক্ষণৰ আৰম্ভণিতে।

লগতে পঢ়কঃ স্মাৰ্ট চিটীৰ নামত গুৱাহাটীত ৮০২ কোটি টকা ক’ত ব্যয় কৰিলে? শ্বেতপত্ৰ প্ৰকাশৰ দাবী কংগ্ৰেছৰ

প্ৰথমখন মেচত টাই আৰু দ্বিতীয় মেচত পৰাজয়ৰ পিছত ভাৰতৰ বাবে শৃংখলা জয় এনেয়েও সম্ভৱ নাছিল। বুধবাৰে ছিৰিজটো ৰক্ষা কৰিব বিচাৰিছিল মেন ইন ব্লুয়ে। তাৰ বাবে মেনেজমেণ্টে দলটোত দুটা পৰিৱৰ্তন কৰে। কে এল ৰাহুল আৰু অৰ্শদীপ সিঙৰ ঠাইত ঋষভ পন্ত আৰু ৰিয়ান পৰাগক স্থান দিয়া হয়। বেটৰ সৈতে অৰিহণা যোগোৱাৰ উপৰিও স্পিন সহায়ক উইকেটত ৰিয়ানৰ বলিং ফলপ্ৰসূ হ’ব বুলিয়েই দলটোৱে আশা কৰিছিল।

শ্ৰীলংকাই টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয়। আবিষ্কা ফাৰ্নাণ্ডোৱে ৯৬ ৰানৰ দ্ৰুত ইনিংছ খেলি ইনিংছৰ আৰম্ভণি কৰে। আন এজন অ’পেনাৰ পাথুম নিশংকাৰ বেটৰ পৰা ৪৫ ৰানৰ ইনিংছটোও আহিছিল। কুশল মেণ্ডিছে তিনি নম্বৰলৈ নামি ৫৯ ৰান সংগ্ৰহ কৰে। এই তিনিজন বেটছমেনৰ দমনীয় বেটিঙেৰে লংকা বাহিনীয়ে ৫০ অভাৰত ২৪৮ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰিয়ানে তিনিটা উইকেট দখল কৰে। ৱাশ্বিংটন সুন্দৰ আৰু কুলদীপ যাদৱেও নিয়ন্ত্ৰিত বলিং কৰে।

লগতে পঢ়কঃ সকাহ! ঢাকাৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানেৰে দিল্লীত অৱতৰণ কৰিলে ২০৫ জন ভাৰতীয়ই

ঘূৰ্ণী উইকেটত প্ৰায় ২৫০ ৰানৰ লক্ষ্য খেদি ভাৰত আৰম্ভণিৰে পৰাই চাপত পৰিছিল। পঞ্চম অভাৰত শুভমন গিল আউট হয়। আনহাতে, ৰোহিতে ২০টা বলত ৩৫ ৰানেৰে আক্ৰমণাত্মক আৰম্ভণি কৰিছিল যদিও ডাঙৰ ইনিংছ গঢ়িব নোৱাৰিলে। তাৰপৰাই ভাৰতৰ বেটিং কেৱল পতনৰ দিশে গতি কৰিলে। বিৰাট কোহলীৰ পৰা পন্থলৈকে কোনোৱে টিকিব নোৱাৰিলে। শেষত ৱাশ্বিংটনে প্ৰচেষ্টা চলাইছিল যদিও কাম নহ’ল। শেষত ভাৰতে ১১০ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত হয়। লজ্জাজনক প্ৰদৰ্শনৰ অভিলেখ লৈ দেশলৈ উভতি আহিব মেন ইন ব্লু।