• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্মাৰ্ট চিটীৰ নামত গুৱাহাটীত ৮০২ কোটি টকা ক’ত ব্যয় কৰিলে? শ্বেতপত্ৰ প্ৰকাশৰ দাবী কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 7, 2024 7:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীত কৃত্ৰিম বানত গাড়ী আৰু আন সম্পত্তি নষ্ট হোৱা লোকসকলক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছে। গুৱাহাটীত বানত অৱৰুদ্ধ হৈ থকাৰ সময়ত মুখ্যমন্ত্ৰী আৰু সকলো মন্ত্ৰী পৰিষদে এচি ৰুমত বহি দলীয় পৰ্যালোচনা কৰি থকাৰ বাদে বানত ককবকাই থকা লোকক উদ্ধাৰৰ কোনো ব্যৱস্থা কৰা নাছিল।

এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু গুৱাহাটী পৌৰ নিগমৰ প্ৰশাসনিক ব্যৱস্থা মুখ্যমন্ত্ৰী আৰু বিজেপিৰ মন্ত্ৰী-বিধায়কসকলৰ সুৰক্ষা আৰু নিৰাপত্তাত ব্যস্ত আছিল। মুখ্যমন্ত্ৰীয়ে কোনো চেষ্টা নকৰাৰ বাবে ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছিল আৰু সেইবাবে কৰদাতা ৰাইজক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে কংগ্ৰেছে।

মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ বেদব্ৰত বৰাই এক সংবাদমেলযোগে আজি এই দাবী কৰে। সংবাদমেলত বৰাই ৮০২ কোটি টকা স্মাৰ্ট চিটীৰ নামত ব্যয় কৰাৰ ৮ বছৰ পিছতো গুৱাহাটীৰ মানুহৰ বুনিয়াদী সমস্যা কিয় সমাধান নহ’ল বুলি প্ৰশ্ন কৰে।

Apply Now

২০১৬ চনত প্ৰধানমন্ত্ৰীয়ে স্মাৰ্ট চিটি ঘোষণা কৰা অসমত এতিয়ালৈকে ১৪টা প্ৰকল্পৰ নামত ৮০২ কোটি টকা ব্যয় কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্য বৰ্ধনৰ নামত ৩২৭.৩০ কোটি, ২০০খন ইলেকট্ৰিক বাছ ক্ৰয়ৰ নামত ২৬০.৭৭ কোটি, ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেমৰ নামত ৭৮.৪৪ কোটি, এলইডি লাইটৰ নামত ২৩ কোটি, জ্যোতি প্ৰকল্পত ১৪.৫৭ কোটি, দক্ষিণপাটসত্ৰ উন্নয়নৰ নামত ১৪.৩২ কোটি, উমানন্দ মন্দিৰৰ উন্নয়নৰ নামত ১৪.২ কোটি, অশ্বক্লান্ত দেৱালয় উন্নয়নৰ নামত ১০.৮২ কোটি, কলাক্ষেত্ৰত লাইট এণ্ড ছাউণ্ড শ্ব’ৰ নামত ৮.২৮ কোটি, কলাক্ষেত্ৰৰ সৌন্দৰ্যবৰ্ধনৰ নামত ৪.৯৬ কোটি, গান্ধী মণ্ডপৰ উন্নয়নৰ নামত ১১ কোটি, ১০০খন চিএনজি বাছ ক্ৰয়ৰ নামত ২৯ কোটি আৰু জজ ফিল্ড উন্নয়নৰ নামত ৫.৬৬ কোটি টকা ইতিমধ্যে ব্যয় কৰা হৈছে।

১৪টা প্ৰকল্পৰ নামত ব্যয় কৰা এই ৮০২.৩৩ কোটি টকা কোন বিভাগে কেনেকৈ ব্যয় কৰিলে তাৰ এক শ্বেতপত্ৰ প্ৰকাশৰ দাবী জনাইছে বৰাই। ইফালে, নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে নিজৰ প্ৰ’টেক কোম্পানীৰ নামত গৃহ নিৰ্মাণৰ সকলো নীতি-নিয়ম ভংগ কৰা বুলি অভিযোগ কৰিছে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে।

গুৱাহাটী তৰুণ নগৰৰ আনে অনুমতি নোপোৱা দ এলেকাত মন্ত্ৰী সিংঘালৰ পৃষ্ঠপোষকতাত প্ৰ’টেক গ্ৰুপে ১৭ মহলীয়া অট্টালিকা নিৰ্মাণ কৰা বুলি অভিযোগ কৰি মীৰা বৰঠাকুৰে কয় যে এন ব্যৱসায়ী মানুহক গুৱাহাটী উন্নয়নৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ অৰ্পণ কৰি গুৱাহাটীবাসীক মুখ্যমন্ত্ৰীয়ে অপমানিত কৰিছে।

শিলসাঁকোত উচ্ছেদ কৰাৰ পিছতো পানী কিয় কমা নাই বুলি প্ৰশ্ন কৰি মীৰা বৰঠাকুৰে কয় যে পানীৰ ৰং ৰঙা-ক’লা কৰি সমগ্ৰ ইছ্যুটোক বিভাগীয় মন্ত্ৰীজনে অন্যফালে নিব খুজিছে। মন্ত্ৰী অশোক সিংঘালৰ গুৱাহাটী উন্নয়ন সন্দৰ্ভত কোনো দক্ষতা নাই বুলি উল্লেখ কৰি মহিলা কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে কয় যে গড়কাপ্তানি বিভাগ, পৌৰ নিগম আৰু জনস্বাস্থ্য বিভাগৰ মাজত সু-সমন্বয়ৰ অভাৱৰ বাবেই নলাসমূহ খন্দা আৰু পোতাত বেমেজালিৰ সৃষ্টি হৈছে।

পানী ক’লা হৈ পৰা ড্ৰেইনসমূহে প্ৰমাণ কৰিছে যে দীৰ্ঘদিন ধৰি সেইসমূহ পৰিস্কাৰ কৰা হোৱা নাই আৰু ইয়াৰ বিপৰীতে মন্ত্ৰীৰ পৃষ্ঠপোষকতাত ছুপাৰ ছাকাৰ ক্ৰয় কৰি ৰাইজৰ কৰ-কাটলৰ পৰা সংগ্ৰহ হোৱা পুঁজিৰ অপব্যয় কৰিছে।

মন্ত্ৰী অশোক সিংঘালে হেলিকপ্টাৰত উঠি গুৱাহাটীৰ বানপানী চোৱাতকৈ বান নিয়ন্ত্ৰণৰ বাবে অভিজ্ঞ বিশেষজ্ঞ, অভিযন্তাক আনি ড্ৰ’নৰ সহায়ত তথ্য সংগ্ৰহ কৰি পানী ওলাই যোৱাৰ পথসমূহ নিৰীক্ষণ কৰাৰ পৰামৰ্শ দিয়ে মীৰা বৰঠাকুৰে।

তেওঁ কয়, গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনৰ সময়ত বানমুক্ত গুৱাহাটী কৰাৰ লগতে সকলোকে ঘৰে ঘৰে খোৱাপানী যোগান ধৰিব বুলি ঘোষণা কৰা বিজেপি দল আৰু চৰকাৰে শাসন লাভ কৰাৰ পিছত সাধাৰণ ৰাইজৰ ফালে পিঠি দিয়াৰ অভিযোগ কৰে। তেঁও কয় যে মন্ত্ৰী অশোক সিংঘালক অপসাৰিত কৰি মুখ্যমন্ত্ৰীয়ে গুৱাহাটীবাসীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd