NORTHEAST NOW (Assamese)

ভাৰতত উৎপাদিত কাফ চিৰাপ সেৱন কৰি ৬৬ টা শিশুৰ মৃত্যু, চাৰিজনীয়া পেনেলে পৰীক্ষা কৰিব প্ৰতিবেদন

October 14, 2022 8:49 pm · এন ই নাও নিউজ,গুৱাহাটী

বিশ্বৰ এখন সৰু দেশ গাম্বিয়াত ভাৰতত প্ৰস্তুত কৰা কাফ চিৰাপ খোৱাৰ ফলত ৬৬ টা শিশুৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত নিৰ্মিত মেডেন ফাৰ্মাচিউটিকেলছ লিমিটেড কাফ চিৰাপৰ বিৰুদ্ধে সতৰ্কবাণী জাৰি কৰি কৈছিল যে তেনে কাফ চিৰাপে শুশুৰ কিডনী বিকল কৰি পেলাইছিল। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰাপ্ত কৰা অস্থায়ী ফলাফল অনুসৰি পৰীক্ষা কৰা সামগ্ৰীৰ ২৩ টা নমুনাৰ ভিতৰত চাৰিটা নমুনাত ডায়েথিলিন গ্লাইকল/ইথিলিন গ্লাইকল থকা দেখা গৈছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে গাম্বিয়াৰ বিদেশ মন্ত্ৰী ড০ মামাডু টাংগাৰাৰ সৈতে কথা পাতিছে আৰু ভাৰতত উৎপাদিত বিষাক্ত কাফ চিৰাপৰ সৈতে সম্পৰ্কিত শিশুৰ মৃত্যুৰ বিষয়ত সমবেদনা জ্ঞাপন কৰিছে। তেওঁ টাংগাৰাক আশ্বাস দিছে যে ঘটনাটোৰ তদন্ত কৰা হৈছে ভাৰতৰ উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা ভাৰতত নিৰ্মিত কাফ চিৰাপকলৈ সতৰ্ক হোৱা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ বিতং প্ৰতিবেদন পৰীক্ষা কৰিবলৈ কেন্দ্ৰই চাৰি জনীয়া পেনেল গঠন কৰিছে।

সমিতিখনৰ অধ্যক্ষতা কৰিব ঔষধ সম্পৰ্কীয় স্থায়ী ৰাষ্ট্ৰীয় সমিতিৰ উপাধ্যক্ষ ড০ ৱাই কে গুপ্তাই। আন সদস্যসকল হৈছে ড০ প্ৰজ্ঞা ডি যাদৱ, এনআইভি, আইচিএমআৰ, পুনে, ড০ আৰতি বহেল, এপিডেমিঅ’লজী বিভাগ, এনচিডিচি, নতুন দিল্লী, আৰু এ.কে. প্ৰধান, জে.ডি.চি.(আই.), চি.ডি.এছ.চি.ও. । বিশ্ব স্বাস্থ্য সংস্থাই এতিয়ালৈকে কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাক (চিডিএছচিঅ’) মৃত্যুৰ সঠিক কাৰণ সম্পৰ্কত তথ্য প্ৰদান কৰা নাই।

ভাৰতে এই সন্দৰ্ভত বিশ্বস্বাস্থ্য সংস্থাক দুবাৰকৈ অনুৰোধ জনাইছে। জ্যেষ্ঠ কংগ্ৰেছ নেতা আনন্দ শৰ্মাই শুকুৰবাৰে গাম্বিয়াত এটা ভাৰতীয় প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰস্তুত কাফ চিৰাপ সেৱনৰ ফলত শিশুৰ মৃত্যুক লৈ কেন্দ্ৰক আক্ৰমণ কৰে, আৰু চৰকাৰক দায়বদ্ধতা হ’বলৈ কয়। বিশ্ব স্বাস্থ্য সংস্থাই বুধবাৰে সতৰ্ক কৰি দিছিল যে হাৰিয়ানাৰ সোনেপতস্থিত মেডেন ফাৰ্মাচিউটিকেলছ লিমিটেডে প্ৰস্তুত কৰা চাৰিটা “দূষিত” আৰু “নিম্নমানৰ” কাফ চিৰাপ শিশুসকলৰ মৃত্যুৰ বাবে দায়ী হ’ব পাৰে।হাৰিয়ানা চৰকাৰে মেডেন ফাৰ্মাচিউটিকেলছ লিমিটেডক কাফ চিৰাপৰ মুঠ উৎপাদন বন্ধ কৰাৰ নিৰ্দেশ দিছে। কোম্পানীটোক ১২ টা নিয়ম উলংঘনৰ বাবেও কাৰণ দৰ্শোৱাৰ জাননীও জাৰি কৰা হৈছে। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী অনিল ভিজে এই কথা প্ৰকাশ কৰিছে।

কাফ চিৰাপৰ কলকাতাৰ কেন্দ্ৰীয় ঔষধ গৱেষণাগাৰলৈ প্ৰেৰণ কৰা হৈছে। পৰীক্ষাৰ প্ৰতিবেদন এতিয়াও আহিবলৈ বাকী আছে।

Related News