বিয়া পাতিবলৈ ভয় লাগে নেকি? আপুনিও আক্ৰান্ত হ’ব পাৰে গামোফ’বিয়া ৰোগত

বিবাহ হৈছে এক সামাজিক চুক্তি যাৰ দ্বাৰা এটা পৰিয়াল সৃষ্টি হয়। বিবাহৰ দ্বাৰা দুজন ব্যক্তিয়ে দাম্পত্যজীৱন আৰম্ভ কৰে। ই এক পৰম্পৰা, তথা সামাজিক নিয়ম। কিন্তু এনে কিছু ৰোগ আছে যি বিয়াৰ নাম শুনিলেই ভয় কৰে। তেওঁলোকে বিয়া কৰাবলৈ যথেষ্ট ভয় কৰে। এই ভয়ৰ কাৰণ বিভিন্ন ধৰণৰ হ’ব পাৰে।

অৱশ্যে এই ভয় বা বিয়া হ’বলৈ অনিচ্ছা এক প্ৰকাৰৰ মানসিক ৰোগ – যাক আমি গামোফ’বিয়া বুলি জানো।

এই শব্দৰ উৎপত্তি গ্ৰীক ভাষাৰ পৰা। য’ত গামো মানে বিবাহ, আৰু ফ’বিয়া মানে ভয়। ই উদ্বেগজনক বিকাৰৰ শ্ৰেণীত পৰে। গামোফ’বিয়া ৰোগীয়ে বিয়া হ’বলৈ বা যিকোনো স্থায়ী সম্পৰ্কৰ প্ৰতিশ্ৰুতি দিবলৈ ভয় কৰে।

গামোফ’বিয়া হ’ল বিবাহ বা যিকোনো ধৰণৰ স্থায়ী সম্পৰ্কৰ ভয়। এই ফ’বিয়াৰ দ্বাৰা মানসিকভাৱে প্ৰভাৱিত হোৱা লোকসকলে আচলতে নতুন সম্পৰ্কৰ প্ৰতি ভয় কৰে, তেওঁলোকৰ বিবাহিত জীৱনৰ প্ৰতি ভয় থাকে, তেওঁলোকৰ ব্যক্তিগত স্বাধীনতা কমি যাব নেকি বা তেওঁলোকে নিজকে খাপ খুৱাব পাৰিব নে নাই সেই লৈ চিন্তা কৰে।

গামোফ’বিয়া ৰোগীৰ শাৰীৰিক লক্ষণসমূহ হ’ল-

ক) অস্থিৰতা, বুকুৰ বিষ।

খ) উশাহ ল’ব নোৱাৰাৰ অনুভৱ।

গ) সঘনাই উশাহ লোৱা।

ঘ) হৃদস্পন্দন বৃদ্ধি।

ঙ) আতংক, ভয়ত স্পষ্টকৈ চিন্তা কৰিব নোৱাৰা।

চ) ভালদৰে কথা ক’ব নোৱাৰা।

ছ) মূৰৰ বিষ

জ) হঠাৎ খং উঠা

ঝ) ঘাম ওলোৱা বা পানীৰ পিয়াহ

গামোফ’বিয়া ৰোগীৰ বৈশিষ্ট্য –

ক) দীৰ্ঘম্যাদী ঘনিষ্ঠ প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিব নোৱাৰা।

খ) সুখী দম্পতীক দেখি উদ্বিগ্নতা অনুভৱ হোৱা।

গ) হঠাৎ সম্পৰ্ক ভাঙি পেলোৱা।

ঘ) কোনোবাই ওচৰলৈ আহিব বিচাৰিলে আঁতৰি যাবলৈ বিচৰা।

ঙ) যিকোনো ৰোমান্টিক সম্পৰ্কত জড়িত হ’লে অতিশয় উদ্বিগ্ন অনুভৱ কৰে আৰু অহৰহ ভয় কৰে যে সম্পৰ্কটো শেষ হ’ব।

গামোফ’বিয়া কেইবাটাও কাৰণত হ’ব পাৰে। যেনে-  মাক-দেউতাকৰ বিচ্ছেদ, পৰিয়ালৰ মাজত কাজিয়া বা গভীৰ প্ৰেমৰ সম্পৰ্কৰ বিচ্ছেদ হোৱা

এই ৰোগ দূৰ কৰিবলৈ মনোৰোগ চিকিৎসকৰ পৰামৰ্শৰ নিশ্চয় প্ৰয়োজন।