সত্ৰনগৰী বৰপেটাৰ গনককুছি সত্ৰত অঘটন, মুছলমান যুৱকে জ্বলাই দিলে গুৰু আসন

লণ্ডভণ্ড কৰিলে পৱিত্ৰ ভিঠিত থকা শৰাই আৰু অন্যান্য সামগ্ৰী

Borpeta Final

গণককুছি সত্ৰৰ শ্ৰীৰাম আতাৰ পৱিত্ৰ ভিঠিৰ গুৰু আসন জ্বলালে ৰফিকুল আলি নামৰ এজন যুৱকে ৷

আতৈ গৰাকীৰ ভিঠিৰ গুৰু আসনখন বাহিৰলৈ উলিয়াই আনি জ্বলাই দিয়ে যুৱকজনে ৷

আনহাতে গুৰুআসনৰ লগতে জ্বলাই দিয়ে গছা এপাতো ৷

এই ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

ইতিমধ্যে উত্তেজিত ৰাইজে যুৱকজনক আটক কৰি গটাই দিয়ে আৰক্ষীক ৷

ঘটনাস্থলীত বৰপেটা আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে যুৱকজনক ৷

জানিবপৰামতে সেই সময়ত সত্ৰত উপস্থিত নাছিল কোনো লোক ৷

পিচত সত্ৰত উপস্থিত হোৱা লোকে ধোৱা আৰু জুই দেখি দৌৰি গৈ গুৰুআসনখন জ্বলি ভস্মীভূত হোৱা দেখিবলৈ পাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে ৷

বৰপেটাৰ ভেল্লাৰ শান্তিপুৰৰ উক্ত যুৱকজনে পূৰ্বেও কেওটকুছি সত্ৰৰ লক্ষ্মী মন্দিৰৰ দেৱী মূৰ্তিৰ ক্ষতিসাধন কৰাৰ লগতে মন্দিৰৰ বহু সামগ্ৰী জ্বলাই ভস্মীভূত কৰিছিল ৷

ঘটনাটোক লৈ বৰপেটাত অব্যাহত আছে তীব্ৰ চাঞ্চল্য ৷