NORTHEAST NOW (Assamese)

সভাপতি খৰ্গেলৈ ফ্ৰীহেণ্ড কংগ্ৰেছৰ, ৱৰ্কিং কমিটিৰ নিৰ্বাচনত ভাগ নলয় গান্ধী পৰিয়ালে

February 24, 2023 10:20 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 24, 2023 10:01 am

শুকুৰবাৰৰ পৰা ৰায়পুৰত কংগ্ৰেছৰ ৮৫ সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ আৰম্ভ হৈছে। এই অধিবেশনতে কংগ্ৰেছ দলৰ শীৰ্ষ কাৰ্যকৰী কমিতিখন নিৰ্বাচন কৰা হ’ব।

অধিৱেশনত দলৰ ৱৰ্কিং কমিতিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি বিশেষ সূত্ৰই দাবী কৰিছে। এক বিশেষ সূত্ৰই সংবাদ মাধ্যমক জনোৱা মতে, পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই বৈঠকত গান্ধী পৰিয়াল কোনো সদস্য উপস্থিত নাথাকিব।

সূত্ৰটোৰ মতে, প্ৰাক্তন কংগ্ৰেছী মুৰব্বী ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ আৰু প্ৰিয়ংকা গান্ধীয়ে ছত্তীশগড়ৰ ৰায়পুৰত দলৰ শীৰ্ষ কমিটি ৱৰ্কিং কমিটি নিৰ্বাচনৰ বাবে আয়োজিত হ’বলগীয়া বৈঠকত উপস্থিত নাথাকে।

সূত্ৰটোৰ মতে, দলৰ শীৰ্ষ কাৰ্যকৰী কমিটি গঠনত যাতে গান্ধী পৰিয়ালৰ কোনো ভূমিকা নাথাকে আৰু এইক্ষেত্ৰত সভাপতি মল্লিকাৰ্জুন খৰ্গেই যাতে সম্পূৰ্ণ স্বাধীনতা লাভ কৰিব পাৰে তাৰবাবেই গান্ধী পৰিয়ালে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

সূত্ৰ অনুসৰি গান্ধী পৰিয়ালে কংগ্ৰেছৰ নতুন সভাপতি মল্লিকাৰ্জুন খৰ্গেক মুক্ত হাত দিব বিচাৰিছে আৰু কোনো ধৰণৰ সিদ্ধান্তক প্ৰভাৱিত কৰিব বিচৰা নাই। ইয়াৰ দ্বাৰা গান্ধী পৰিয়ালে দলটোত গান্ধী পৰিয়ালৰ প্ৰভূত্ব থকা বুলি বিজেপিয়ে কৰি অহা অভিযোগৰ যোগ্য প্ৰত্যুত্তৰ দিয়া বুলিও ধাৰণা কৰা হৈছে।

Related News