বঙাইগাঁৱত ‘গান্ধী পেনোৰামা ফিল্ম মহোৎসৱ-২০২২’

জাতিৰ পিতা মহাত্মা গান্ধীৰ জীৱন আৰু তেওঁৰ আদৰ্শভিত্তিক কথাছবি প্ৰদৰ্শনৰ বাবে মুম্বাইৰ ইণ্ডিয়ান ইনফোটেইনমেন্ট মিডিয়া কৰ্পোৰেশ্যনে বঙাইগাঁৱত কথাছবি প্ৰদৰ্শন কৰে।

বঙাইগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ সহযোগত কেবাখনো চুটি ছবি প্ৰদৰ্শন কৰা হয়। বন্তি প্ৰজ্বলেনেৰে কথাছবি প্ৰদৰ্শনৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই।

আনহাতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াৰ লগতে আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাস আৰু ইণ্ডিয়ান ইনফোটেইনমেন্ট মিডিয়া কৰ্পোৰেশ্যনৰ অধ্যক্ষ তথা কথাছবি পৰিচালক দেৱেন্দ্ৰ খান্দেলৱালে।

দেৱেন্দ্ৰ খান্দেলৱালৰ লগত আছে সচিব কেতকী কাপাডিয়া, মুখ্য কাৰিকৰী সহায়ক মনোজ মিশ্ৰ, প্ৰধান সহায়িকা পূজা গোস্বামী আৰু সহায়ক মুকেশ সিং।

উল্লেখ্য যে সাম্প্ৰতিক পৰিৱেশৰ লগত সমন্বয় ৰাখি মনোৰঞ্জনৰ মাজেদি গান্ধীৰ জীৱনৰ বহু কথা, তেওঁৰ আদৰ্শ উপস্থাপন কৰি চুটি ছবিসমূহ মনোগ্ৰাহী কৰি তোলা হৈছে।

গান্ধীৰ জীৱন আৰু আদৰ্শভিত্তিক চুটি ছবিসমূহ জিলাখনৰ জ্যেষ্ঠ নাগৰিকসকলৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে উপভোগ কৰে।