শিৱসাগৰত অন্ত পৰিল বিজেপিৰ গান্ধী সংকল্প যাত্ৰা

আজি গান্ধী সংকল্প যাত্ৰাৰ অন্তিম দিন। সমগ্ৰ দেশৰ লগতে শিৱসাগৰতো বাহিৰ কৰা হয় গান্ধী সংকল্প যাত্ৰাৰ সমদল। শিৱসাগৰ নগৰৰ চৌদিশে আজি মুখৰিত হয় মহামানৱ গান্ধীজীৰ মন্ত্ৰ আৰু বাণী।

সাংসদ তপন কুমাৰ গগৈ, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, জিলা বিজেপিৰ সভানেত্ৰী সুৰভি ৰাজকুঁৱৰীকে ধৰি ৰাজ্যিক আৰু জিলা সমিতিৰ নেতা কৰ্মীৰ লগতে কেইবাশতাধিক বিজেপি সদস্যই এই গান্ধী সংকল্প যাত্ৰাত অংশ গ্ৰহণ কৰে।

উল্লেখ্য যে মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম-জয়ন্তীৰ লগত সংগতি ৰাখি বিজেপি চৰকাৰে সমগ্ৰ দেশতে গান্ধী সংকল্প যাত্ৰাৰ ১৫ অক্টোবৰৰ পৰা আৰম্ভ কৰিছিল।

দেশৰ প্ৰতিটো লোকসভা সমষ্টিত ১৫০ কিলোমিটাৰ পথ পদ যাত্ৰাৰে ৰাইজৰ মাজত গান্ধীজীৰ নীতি আদৰ্শ বিলাই গান্ধীজীৰ সপোনৰ দেশ গঢ়িবলৈ প্ৰচেষ্ঠা হাতত লোৱা এই সংকল্প যাত্ৰাৰ আজি অন্তিম দিন। আজি অন্তিম দিনা যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ সমষ্টিত এই যাত্ৰা শেষ হয়।

শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ সন্মুখৰ পৰা আৰম্ভ হোৱা এই সংকল্প যাত্ৰা সমগ্ৰ নগৰ পৰিভ্ৰমণ কৰি কে পি চাৰিআলিত অন্ত পৰে।