পাঠশালাত আৰক্ষীৰ জালত পৰিল তিনিজনীয়া ডকাইতৰ দল

dacoits-pic-1-750x375

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত তিনিজন। ফটো : নৰ্থইষ্ট নাও

বৰপেটা জিলাৰ পাঠশালাত বৃহস্পতিবাৰে বজালী আৰক্ষীয়ে এটা ডকাইতৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ভাৰতীয় ষ্টেট বেংকৰ পৰা ওলাই অহা এগৰাকী ব্যক্তিৰ পৰা টকা কাঢ়ি নিবলৈ চেষ্টা কৰাৰ সময়তে তিনিজনীয়া ডকাইতৰ দলটো আৰক্ষীৰ জালত পৰে।

সূত্ৰসমূহে কয় যে বিগত কেইদিনত পাঠশালা চহৰত ধন কাঢ়ি নিয়াৰ দৰে ঘটনা বৃদ্ধি পাইছে। দুৰ্বৃত্তই বেংকলৈ অহা লোকৰ পৰা অথবা এটিএমৰ পৰা ধন উলিয়াবলৈ যোৱা ব্যক্তিৰ পৰা ধন কাঢ়ি লৈ যোৱাৰ ঘটনা ঘটিয়েই আছে।

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা তিনিজনীয়া ডকাইতৰ দলটোৰ সদস্যকেইজনক জুজনু গোৱালা(৪৫) আৰু দীপক সিং(৪৪) আৰু চিন্টু কুমাৰ (২৬) বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে জুজনু গোৱালা আৰু দীপক সিং দুয়োজনেই পশ্চিমবংগৰ জলপাইগুৰিৰ আৰু চিন্টু কুমাৰ বিহাৰৰ বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ডকাইত কেইজনৰ জিম্মাৰ পৰা এখন জে এইচ ১৫ আৰ ৯২৮১ নম্বৰৰ পালছাৰ ২২০ বাইক, এটিএম কাৰ্ড আৰু দুটা মোবাইল ফোন উদ্ধাৰ কৰে।

আৰক্ষীয়ে ডকাইত তিনিজন পাঠশালা চহৰত সংঘটিত কেইবাটাও ধন কাঢ়ি নিয়াৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে।

মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰাই নৰ্থইষ্ট নাওৰ আগত কয়, ‘’ আমি আমাৰ সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত ডকাইত তিনিজনক কৰায়ত্ত কৰিছো। ভাৰপ্ৰাপ্ত বিষয়া চন্দন ৰাউত আৰু উপ পৰিদৰ্শক সূৰ্য বৰাৰ নেতৃত্বত বজালী আৰক্ষীৰ এটা দলে পাঠশালা চহৰত ডকাইত তিনিজনক আটক কৰে।‘’

মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে লগতে জানিব দিয়ে যে তেওঁলোকৰ পৰা অধিক তথ্য উদ্ধাৰৰ বাবে ডকাইত তিনিজনৰ জেৰা চলাই থকা হৈছে।