NORTHEAST NOW (Assamese)

ডিগবৈত কিশোৰীক দলবদ্ধ বলাত্‍কাৰ : নিশাই ৪জন লম্পটক গ্ৰেপ্তাৰ

October 19, 2018 10:42 am · এন ই নাও নিউজ
Updated: October 19, 2018 12:36 pm
প্ৰতিনিধিত্বমূলক ছবি

ডিগবৈত এগৰাকী ১৬ বছৰীয়া কিশোৰীক দলবদ্ধ বলাত্‍কাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে। জানিব পৰামতে, ১৭ অক্তোবৰৰ নিশা ডিগবৈ চহৰৰ পাৰ্শ্বৱৰ্তী মুলিয়াবাৰীত এটা চাৰিজনীয়া যুৱকৰ দলে পূজা চাই ঘূৰি অহা এগৰাকী কিশোৰীগৰাকীক বলাত্‍কাৰ কৰে।

কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত টহলদাৰী নিৰাপত্তাৰক্ষীৰ দলে উদ্ধাৰ কৰি আৰক্ষীক গতাই দিছে।

নিৰাপত্তাৰক্ষীৰ উপস্থিতি গম পাই দুৰ্বৃত্তকেইটা ঘটনাস্থলীৰ পৰা পলাইছিল যদিও কিশোৰীগৰাকীৰ অভিযোগৰ ভিত্তিত কালি নিশা আটাইকেইজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি।

আৰক্ষীৰ সূত্ৰই জনোৱামতে, অপকৰ্মত জড়িতকেইজন হ’ল অঞ্চলটোৰে শুভম দাস, অজয় পাণ্ডে, আকাশ চক্ৰৱৰ্তী আৰু ধ্ৰুৱ গগৈ।

Related News