NORTHEAST NOW (Assamese)

বিবাহৰ প্ৰতিশ্ৰুতি দি দলবদ্ধ ধৰ্ষণ : আৰক্ষী জোৱানৰ নিকৃষ্ট কাণ্ড

May 3, 2023 12:38 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 3, 2023 12:40 pm

এইবাৰ উত্তৰ প্ৰদেশৰ এগৰাকী আৰক্ষী জোৱানৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। বিবাহৰ প্ৰতিশ্ৰুতি দি দুই ভাতৃয়ে ধৰ্ষণ কৰিলে ছাহাৰানপুৰৰ এগৰাকী যুৱতীক।

জানিব পৰা মতে ভুক্তভোগী যুৱতীৰে সৈতে আৰক্ষী কনিষ্টবলগৰাকীৰ আছিল প্ৰেমৰ সম্পৰ্ক। সম্পৰ্কত থকাৰ সময়ত দুবাৰকৈ গৰ্ভৱতী হৈছিল যুৱতীগৰাকী। গৰ্ভৱতী হোৱাৰ পিছত যুৱতীগৰাকীয়ে বিয়া কৰাবলৈ অনুৰোধ জনাইছিল প্ৰেমিকক।  কিন্তু বিয়াৰ সলনি দুইবাৰেই গৰ্ভপাত কৰাবলৈ বাধ্য কৰিছিল কনিষ্টবলগৰাকীয়ে।

এনেদৰেই দিন পাৰ হৈ যোৱাত যোৱা ২৫ জানুৱাৰীত আৰক্ষী অধীক্ষকক ঘটনাৰ বিৱৰণ দি কনিষ্টবলগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে ভুক্তভোগী যুৱতীগৰাকীয়ে। এই অভিযোগ দাখিলৰ খবৰ লাভ কৰি আৰক্ষী কনিষ্টবলগৰাকীয়ে যুৱতীগৰাকীৰ ঘৰলৈ গৈ যুৱতীগৰাকীক বিয়া কৰাম বুলি ভূৱা শপতনামাত চহী কৰি মিলা-মিচা কৰে।

কিন্তু এতিয়া যুৱতীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে এই শপতনামাত চহী কৰাৰ কিছুদিন পিছতেই যুৱতীগৰাকীক ঘৰ পৰা এজন যুৱকৰ ঘৰলৈ লৈ গৈ নিজৰ ভাতৃৰ লগত মিলি যুৱতীগৰাকীক ধৰ্ষণ কৰে কনিষ্টবলগৰাকীয়ে।

লগতে যুৱতীগৰাকীয়ে অভিযোগ কৰি কয় যে, তেওঁলোকে মোক ধৰ্ষণ কৰাৰ পিছত মূৰত বন্দুক লগাই দিছিল আৰু কৈছিল যে যদি এই ধৰ্ষণৰ কথা আনে গম পাই তেতিয়া তেওঁলোকে মোক হত্যা কৰিব।

ইতিমধ্যে এই ঘটনাৰ সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে শীঘ্ৰেই কনিষ্টবলগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে।

Related News