নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই বিপদ মাতিছে ব্ৰহ্মপুত্ৰৰ শিহুলৈ

GangesRiver_dolphin

ইতিমধ্যেই বিলুপ্তিৰ দুৱাৰদলিত থকা ব্ৰহ্মপুত্ৰৰ শিহুৰ অস্তিত্বলৈ অশনি সংকেত আনিছে প্ৰায় নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই।

বিগত ২৫ বছৰত সম্পন্ন কৰা জৰীপৰ পৰা জনা গৈছে যে সোৱণশিৰি নদীত এই প্ৰাণীবিধৰ আবাদী হ্ৰাস পাইছে। ঘাইকৈ মাংস আৰু তেলৰ বাবে কৰা চোৰাং চিকাৰৰ বাবে শিহুৰ আবাদী হ্ৰাস পাই আহিছে।

উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ শিহু (Platanista gangetica) অকল গংগা, মেঘনা, কৰ্ণফুলি আৰু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহতহে উপলব্ধ। অসমত এই প্ৰজাতিটোৰ শিহু কেবল ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ কুলসী (কামৰূপ জিলা) আৰু সোৱণশিৰি (লখিমপুৰ জিলা)নদীতহে পোৱা যায়।

সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰৰ দীৰ্ঘতম উপনৈ (৪৪৩ কি:মি:) ই তিব্বতৰ পৰা অৰুণাচল হৈ গেৰুকামুখৰ ওচৰেৰে অসমত প্ৰৱেশ কৰিছে। প্ৰকৃতি সংৰক্ষণৰ হকে আন্তৰ্জাতিক সন্থা (IUCN)ৰেড লিষ্টত থকা এই শিহু সোৱণশিৰিৰ কাতোৰি চাপৰিৰ পৰা বোধাকোৰা, বোধাকোৰাৰ পৰা শোলমাৰি, শোলমাৰিৰ পৰা বৰলীয়া আৰু বৰলীয়াৰ পৰা শিলিখাগুৰি— এই চাৰিটা খণ্ডত বাস কৰে।

ব্ৰহ্মপুত্ৰ নদী বৰ্তমান এই শিহুবিধৰ একমাত্ৰ আশ্ৰয়স্থল হৈ পৰিছে। কিন্তু নিৰ্মীয়মান গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই ব্ৰহ্মপুত্ৰৰ শিহুৰ আবাদী হ্ৰাস কৰি প্ৰজাতিটোৰ আবাদী হ্ৰাস কৰাৰ লগতে ইয়াৰ বিচৰণভূমি সংকুচিত কৰি আনিব।

এই প্ৰকল্পটোৰ প্ৰভাৱে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ কেইটাৰ পৰা প্ৰজাতিটোৰ সম্পূৰ্ণ বিলুপ্তি ঘটাব বুলি এগৰাকী বন্যপ্ৰাণী কৰ্মীয়ে আঙুলিয়াই দিছে।

সোৱণশিৰিৰ পৰা ব্ৰহ্মপুত্ৰৰ শিহুক সুৰক্ষা প্ৰদান কৰাৰ বাবে শক্তিশালী প্ৰচাৰ অভিযান আৰু সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ প্ৰযোজন আহি পৰিছে।

আৰণ্যকে ‘ব্ৰহ্মপুত্ৰৰ শিহু গৱেষণা আৰু সংৰক্ষণ উদ্যোগ’ত(Gangetic Dolphin Research and Conservation Initiative) সোৱণশিৰিৰ পাৰে পাৰে  ২০১৪ৰ ১ৰ পৰা ৭ মাৰ্চলৈকে এটা ‘ডলফিন যাত্ৰা’ৰ আয়োজন কৰিছিল।

এই প্ৰচাৰ অভিযানত  বদতি, দহঘৰীয়া, বৰদুবিচাং, আলিচিঙা, চেনীমৰা, ভলুকাগুৰি, যুগলপুৰ, কাতোৰি চাপৰি আৰু ম’হঘুলি গাঁৱত শিহুৰ ওপৰত সচেতনতা শিবিৰৰ আয়োজন কৰা হৈছিল।