ৰাজ্যত পুনৰ এনকাউণ্টাৰ, কোকৰাঝাৰত আৰক্ষীৰ গুলীত আহত গাঞ্জা সৰবৰাহকাৰী, জ্বলিল ট্ৰাক

ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। এইবাৰ কোকৰাঝাৰ জিলাৰ ভাওৰাগুৰীত সংঘটিত হৈছে এনকাউণ্টাৰ। বুধবাৰৰ নিশা প্ৰায় ৮ মান বজাত কোকৰাঝাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই ত্ৰিপুৰাৰ পৰা বিহাৰ অভিমুখে যোৱা এ এছ ০১ নম্বৰৰ এখন ট্ৰাক জব্দ কৰে।

জব্দকৃত ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা ৫৫ পেকেট গাঞ্জা উদ্ধাৰ কৰে, যাৰ ওজন ৩৫০ কেজি বুলি আৰক্ষীয়ে সদৰি কৰিছে। ইয়াৰ লগতে গাঞ্জা সৰবৰাহ কৰা ত্ৰিপুৰাৰ সুন্দৰটিলাৰ সুমন নমো আৰু ৰাহুল সৰকাৰক আৰক্ষীয়ে আটক কৰে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক সোধা পোছা কৰাত সুমন নমোই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভাওৰাগুৰীলৈ যোৱা পথৰ কাষত দুটা গাঞ্জাৰ পেকেট লুকুৱাই থোৱা বুলি সদৰি কৰে। আৰক্ষীয়ে সুমন নমোক লৈ গাঞ্জাৰ পেকেট দুটা উদ্ধাৰ কৰিবলৈ ঘটনাস্থললৈ যায় আৰু শেষ নিশা প্ৰায় দুইমান বজাত অভিযুক্তই দেখুৱাই দিয়া স্থানৰ পৰা আৰক্ষীয়ে গাঞ্জাৰ পেকেট দুটা জব্দ কৰে।

সেই সময়তে অভিযুক্ত সুমন নমোই আৰক্ষীৰ পিষ্টল কাঢ়ি আৰক্ষীক গুলীয়াবলৈ উদ্যত হোৱাত আৰক্ষীয়ে বাধ্য হৈ গুলীচালনা কৰে আৰু অভিযুক্ত সুমন নমোৰ সোঁভৰিৰ আঠুৰ তলত গুলী লাগে।

গুলীবিদ্ধ সুমন নমোক আৰক্ষীয়ে প্ৰথমে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

ইপিনে গাঞ্জা কঢ়িওৱা ট্ৰাকখন কোনো অচিনাক্ত দুস্কৃতিকাৰীয়ে জ্বলাই দিয়া বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে সন্দেহ কৰা মতে প্ৰমান বিনষ্ট কৰাৰ বাবেই হয়তো অচিনাক্ত দুস্কৃতিকাৰীয়ে গাঞ্জা কঢ়িওৱা ট্ৰাকখন জ্বলাই দিয়ে। সমগ্ৰ ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে।