NORTHEAST NOW (Assamese)

Encounter কোকৰাঝাৰত গাঞ্জা সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী; আহতক হাস্পাতালত ভৰ্তি

December 21, 2021 9:50 am · ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
আৰক্ষীৰ গুলীত আহত গাঞ্জা সৰবৰাকাৰী হৰেন্দৰ যাদৱ।

Encounter পুনৰ অসম আৰক্ষীৰ গুলীত আহত হৈছে এজন গাঞ্জা সৰবৰাহকাৰী। কোকৰঝাৰৰ বিছমুৰি আৰক্ষী পেট্ৰ’লিং আউটপ’ষ্টত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষী গুলী ভৰিত লাগি আহত হৈছে গাঞ্জা সৰবৰাহকাৰী হৰেন্দৰ যাদৱ।

সোমবাৰে আটক কৰা গাঞ্জা সৰবৰাহকাৰী হৰেন্দৰ যাদৱে বিছমুৰিত পলাবলৈ চেষ্টা কৰোতে আৰক্ষীৰ গুলীত আহত হয়।

Also Read: ভ্ৰমণ বিলাসী ধনকুবেৰ! ৬০০ কোটি টকা খৰচ কৰি ক’ৰ পৰা ঘুৰি আহিল এইগৰাকী মহাজন?

আহত হৰেন্দৰক প্ৰথমতে কোকৰাঝাৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পাতলত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান তাতেই চিকিৎসাধীন হৈ আছে।

হৰেন্দৰ যাদৱ (২৮) উত্তৰ প্ৰদেশৰ বলিয়া জিলাৰ ৰেবতী আৰক্ষী থানাৰ অন্তৰ্গত শ্ৰীনগৰৰ বাসিন্দা মহেশ যাদৱৰ পুত্ৰ।     

Related News