নিৰ্বাচনী চমক; বঙাইগাঁৱত একে দিনাই ৩৪ লাখ টকাৰ কামৰ শুভাৰম্ভ

ফটো : নৰ্থ-ইষ্ট নাও

আজি বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত নাম্বাৰপাৰা-চাকলা গাঁও পঞ্চায়তত একে দিনাই ৩৪ লাখ টকাৰ কামৰ আধাৰশিলা স্থাপন কৰে।

নাম্বাৰপাৰা চাকলা গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰৌশনাৰা খাতুন, পঞ্চায়ত সচিব আৰু স্থানীয় ৰাইজৰ উপস্থিতিত এইআৰ শুভাৰম্ভণি কৰা হয়।

চতুৰ্দশ বিত্তীয় বৰ্ষ আৰু এম জি এনৰেগা আঁচনিৰ পৰা কাম সমূহ শুভাৰম্ভ কৰে।

২০১৯ – ২০ বৰ্ষৰ চতুৰ্দশ বিত্তীয় আঁচনিৰ অধীনত কোকিলা উত্তৰ পাৰাত ৪ লাখ টকা, চাকলা-কোকিলা গড়কাপ্তানি পথৰ পৰা মতিয়াৰ ৰহমানৰ ঘৰ লৈ চিচি ব্লকৰ ৰাস্তাৰ বাবদ ৭ লাখ টকা, কোকিলা উত্তৰ চিচি ব্লকৰ ৰাস্তাৰ বাবদ ৫ লাখ, শৌলমাৰীত ৪ লাখ, নাম্বাৰপাৰা দ্বিতীয় খণ্ড দক্ষিণত ৪ লাখ টকা কামৰ শুভাৰম্ভ কৰে সভানেত্ৰী গৰাকীয়ে।

ইফালে নাম্বাৰপাৰা তৃতীয় খণ্ডতো ৭ লাখ টকাৰ এম জি এনৰেগা আঁচনিৰ অধীনত কামৰ শুভাৰম্ভ কৰে।

একেদিনাই ৩৪ লাখ টকাৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰাত ৰাইজে সন্তষ্টি প্ৰকাশ কৰে। কিন্তু ৰাইজৰ দাবী যে কাম সমূহ নিকা আৰু দুৰ্নীতি নোহোৱাকৈ সম্পন্ন কৰিব লাগে।