চৰকাৰী আঁচনিৰ সঠিক ৰূপায়ণত গাঁও সভাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে : ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন সঞ্চালক

গাঁও সভাসমূহে চৰকাৰী আঁচনিৰ সঠিক ৰূপায়ণত এতিয়া এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এই মন্তব্য অসম ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক খৰ্গেশ্বৰ পেগুৰ৷

লিডু কেন্দ্ৰীয় ৰঙ্গমঞ্চত সোমবাৰে অনুষ্ঠিত মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ অন্তৰ্গত শামুকজান গাঁও পঞ্চায়তৰ দ্বিতীয়খন গাঁও সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি পেগুৱে কয়, ‘বৰ্তমান ৱাৰ্ডে ৱাৰ্ডে গাঁও সভা অনুষ্ঠিত কৰি ৰাইজৰ মতামত লৈ আঁ‌চনি গ্ৰহণ কৰি ৰূপায়ণ কৰা হয়।‘

যাৰ ফলত আগৰ দৰে আঁচনিসমূহ গাঁও সভাৰ জৰিয়তে সিদ্ধান্ত লৈ পিছত ৰূপায়ণ নকৰাকৈ পৰি নাথাকে বুলি তেওঁ লগতে উল্লেখ কৰে।

পঞ্চায়তৰ সভানেত্ৰী অনীলা ফুকনৰ পৌৰাহিত্যত অনুষ্ঠিত গীতা দেবী নেওগে আঁত ধৰা সভাখনত পৰবৰ্তী পাঁচ বছৰৰ বাবে বিভিন্ন পৰিকল্পনা তথা আঁচনি গ্ৰহণ কৰা হয়৷

উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যৰ ভিতৰতে মাৰ্ঘেৰিটা উন্নয়ন খণ্ডই সৰ্বাধিক ৰাইজৰ উপস্থিতিত গাঁও সভা অনুষ্ঠিত কৰাৰ অভিলেখ স্থাপন কৰিছে৷ ইয়াৰ ভিতৰত ভিতৰপাৱৈ গাঁও পঞ্চায়তত ৪২২৪, কুমাৰপট্টিত ৪০০৮ আৰু শামুকজানত ৩৩৪৯ গৰাকী পুৰুষ মহিলাই অংশগ্ৰহণ কৰে।

পঞ্চায়তখনৰ সচিব আশিস দাসে উদেশ্য ব্যাখ্যা কৰা উক্ত সভাত National quality assurance standardsৰ দ্বাৰা ৰাজ্যৰ প্ৰথমখন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ হিচাপে লিডু ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্বীকৃতি লাভ কৰাৰ বাবে স্বাস্থ্য কেন্দ্ৰটোৰ মুৰব্বী চিকিৎসক ডাঃ পুলক পালক সম্বৰ্ধনা জনোৱা হয়।

তেওঁৰ উপৰি সভাই ৰাজ্যৰ ভিতৰতে প্ৰথমটো প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ কৰা শামুকজান গাঁও পঞ্চায়তৰ গোবিন লোহাৰকো সম্বৰ্ধনা জ্ঞাপন কৰে।