অসমত গাৰো স্বায়ত্ত পৰিষদৰ দাবীত অটল গাৰো সংগঠন

Garo-Autonomy-demand-in-Assam-

গাৰো স্বায়ত্ত পৰিষদৰ দাবীত গাৰো স্বায়ত্তশাসিত পৰিষদ সংগ্ৰাম সমিতিৰ প্ৰতিবাদ।

ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচনৰ সকলো দল-সংগঠন উবুৰি খাই পৰাৰ সময়তে সংযুক্ত গাৰো স্বায়ত্তশাসিত পৰিষদ সংগ্ৰাম সমিতিয়ে গাৰো স্বায়ত্ত শাসনৰ দাবীটোক লৈ সৰৱ হৈ পৰিছে। অসমৰ গাৰো জনগোষ্ঠীৰ লোকসকলৰ বাবে এখন গাৰো স্বায়ত্তশাসিত পৰিষদৰ লিখিত প্ৰতিশ্ৰুতি নাপালে পঞ্চায়ত নিৰ্বাচনৰ লগতে লোকসভা নিৰ্বাচনো বৰ্জন কৰাৰ হুংকাৰ দিছে সমিতিয়ে। তেওঁলোকে আনকি নিৰ্বাচনৰ প্ৰচাৰ অভিযানতো বাধা দিয়াৰো হুংকাৰ দিছে।

গোৱালপাৰাৰ উপায়ুক্তৰ কাৰ্যালয় প্ৰাংগণত বৃহস্পতিবাৰে গাৰো জনগোষ্ঠীৰ দহটাতকৈয়ো অধিক সংগঠনে অৱস্থান ধৰ্মঘট পালন কৰি এই হুংকাৰ দিয়ে। প্ৰতিবাদকাৰীসকলে ৰাভা হাছং  স্বায়ত্তশাসিত পৰিষদৰ পৰা সকলো গাৰো বসতিপ্ৰধান গাঁও কৰ্তন কৰি উপগ্ৰহীয় পদ্ধতিৰে গাৰো স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবী উত্থাপন কৰিছে।

সহস্ৰাধিক গাৰো জনগোষ্ঠীৰ লোকে প্ৰতিবাদী কাৰ্যসূচী পালনৰ পিছত গাৰো স্বায়ত্তশাসিত পৰিষদৰ দাবীৰে অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, জনজাতি উন্নয়ন মন্ত্ৰী, মুখ্য সচিব আৰু উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

গোৱালপাৰা আৰু কামৰূপ জিলাৰ গাৰো সম্প্ৰদায়ৰ সহস্ৰাধিক লোকে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালনেৰে গোৱালপাৰাৰ উপায়ুক্তৰ কাৰ্যালয় প্ৰাংগণ উত্তাল কৰি তোলাৰ লগতে গাৰো জনগোষ্ঠীৰ লোকসকলক স্বায়ত্ত শাসন প্ৰদানৰ দাবীত বিভিন্ন শ্ল’গান দিয়ে।

উল্লেখযোগ্য যে কামৰূপ আৰু গোৱালপাৰা জিলাৰ অধিকাংশ গাৰো লোক ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ এলেকাত বসবাস কৰে যদিও উন্নয়নৰ ক্ষেত্ৰত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই পক্ষপাতিত্বমূলক ভূমিকা গ্ৰহণ কৰি গাৰো এলেকাসমূহত উন্নয়নৰ ক্ষেত্ৰত অৱহেলা কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

গাৰো স্বায়ত্তশাসিত পৰিষদ সংগ্ৰাম সমিতিৰ নেতৃত্বই জানিবলৈ দিয়ে যে ২০১৩ চনৰ পৰাই অসম চৰকাৰে গাৰো লোকসকলক স্বায়ত্তশাসিত পৰিষদ প্ৰদানৰ নামত প্ৰৱঞ্চনা কৰি আহিছে। পূৰ্বৰ কংগ্ৰেছ আৰু বৰ্তমানৰ বিজেপি চৰকাৰে মৌখিকভাৱে গাৰো স্বায়ত্তশাসিত পৰিষদ গঠনৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া আজিলৈকে হৈ উঠা নাই।