মাজুলীলৈ নাহিল স্বীকৃতি; বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে কেন্দ্ৰৰ মনোনয়ন ‘গাৰো পাহাৰ সংৰক্ষিত অঞ্চল’ক

উত্তৰ-পূবে তৃতীয়টো বিশ্ব ঐতিহ্য ক্ষেত্ৰ পোৱাৰ পথত এখোজ

Nokrek

নকৰেক ৰাষ্ট্ৰীয় উদ্যানৰ এটা অংশ।

বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত স্থান লাভৰ দিশত এটা খোজ প্ৰকৃতিৰ অপূৰ্ব শোভাই বাস কৰা মেঘালয়ৰ ‘গাৰো পাহাৰ সংৰক্ষিত অঞ্চল’ (GHCA)ৰ।

দক্ষিণ আৰু পশ্চিম গাৰো পাহাৰ জিলাৰ দুটা পাহাৰৰ মাজত ফেৰেঙনিৰ দৰে থকা মেঘালয়ৰ এই অঞ্চলটোৰ নাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে য়ুনেস্ক’ৰ ওচৰলৈ প্ৰথমবাৰৰ বাবে প্ৰেৰণ কৰিছে ভাৰত চৰকাৰে।

জানিব পৰা গৈছে, ক্ষেত্ৰখনক মিক্সড ছাইট শাখাত মনোনীত কৰা হৈছে আৰু সাময়িক তালিকাত ৰখা হৈছে।

মিক্সড ছাইট শাখাত প্ৰাকৃতিক আৰু সাংস্কৃতিক উভয় ধৰণৰ গুৰুত্ব থকা সম্পদে ঠাই পায়।

এই পৰ্য্যন্ত উত্তৰ-পূবত য়ুনেস্কই স্বীকৃতি দিয়া দুটাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যান।

মনোনীত গাৰো পাহাৰৰ সংৰক্ষিত অঞ্চলটো তিনিটা আইনীভাৱে সুৰক্ষিত অংশৰে গঠিত। নকৰেক ৰাষ্ট্ৰীয় উদ্যান (৪৯.৪৪ বৰ্গ কিলোমিটাৰ), বলপাক্ৰাম ৰাষ্ট্ৰীয় উদ্যান (২২০ বৰ্গ কিলোমিটাৰ) আৰু ছিজু বন্যপ্ৰাণী অভয়াৰণ্য (৫.১৮ বৰ্গ কিলোমিটাৰ) এই তিনিটা আইনীভাৱে সুৰক্ষিত অংশৰ উপৰি আছে তুৰা চূড়া (৪.১৯ বৰ্গ কিলোমিটাৰ), ইমানগিৰি (৮.২৯ বৰ্গ কিলোমিটাৰ), ৰিৱাক (৬.৪৭ বৰ্গ কিলোমিটাৰ) আৰু বাঘমাৰা (৪৩.৯ বৰ্গ কিলোমিটাৰ)।

মনোনয়নত কোৱা হৈছে যে সম্পদটোৰ কিছুমান মৌলিক বৈশিষ্ট্য আছে, যিবোৰে ইয়াক অনন্য বিশ্বজনীন মূল্য দিব পাৰে।

জৈৱ বৈচিত্ৰ্যৰো ঘাটি অঞ্চলটোক ৰাষ্ট্ৰীয় পৰ্য্যায়ত ইয়াক পশ্চিম ঘাটৰ উপাংশবোৰৰ সৈতে তুলনা কৰিব পাৰি। ইয়াক ভাৰতৰ একমাত্ৰ মিক্সড ঐতিহ্য ক্ষেত্ৰ কাঞ্চনজংঘাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সৈতেও তুলনা কৰিব পাৰি।

বিশ্ব ঐতিহ্যক্ষেত্ৰৰ বাবে তালিকাত অন্তৰ্ভুক্ত কৰিবৰ বাবে

অঞ্চলটোৰ সংৰক্ষিত অংশত এতিয়ালৈকে স্তন্যপায়ী প্ৰাণীৰ ৫২টা প্ৰজাতি চিনাক্ত কৰা হৈছে। ই বহুতো ঔষধি উদ্ভিদৰো বাসস্থল।

উল্লেখযোগ্য যে ২০১৭ বৰ্ষত নদীদ্বীপ মাজুলীৰ নাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে মনোনীত কৰি প্ৰেৰণ কৰিছিল য়ুনেস্কোলৈ। কিন্তু সেই স্বীকৃতি পাবলৈ সক্ষম নহ’ল মাজুলী।