এআইইউডিএফৰ সোণাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে উত্থাপন হৈছে শিক্ষাগত অৰ্হতা জালিয়াতিৰ অভিযোগ সন্দৰ্ভত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ’ব।
বিধায়ক বৰভূঞাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত ভুৱা শৈক্ষিক অৰ্হতা সম্পৰ্কত গোচৰো তৰা হৈছিল।
উক্ত গোচৰৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৪ আগষ্ট অৰ্থাৎ আজি গোচৰটোৰ শুনানিৰ দিন ধাৰ্য কৰিছে।
উল্লেখ্য সোণাই সমষ্টিৰ বিধায়ক জনৰ বিৰুদ্ধে কিছুদিন পূৰ্বে বিজেপি নেতা আমিনুল হক লস্কৰে শিক্ষাগত অৰ্হতা জালিয়াতিৰ অভিযোগ কৰিছিল।
লস্কৰে অভিযোগ কৰা অনুসৰি বিধায়ক বৰভূঞাই মীৰাটৰ চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ ভুৱাকৈ তথ্য দিছিল।
বিধায়ক জনে নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত দিয়া সেই তথ্য ভুৱা বুলি উল্লেখ কৰি অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল।
লস্কৰে অভিযোগ কৰা অনুসৰি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰি বৰভূঞাই মীৰাটৰ চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰা নাছিল বুলি স্পষ্ট হৈছে।
লস্কৰৰ মতে ২০১৬ চনৰ নিৰ্বাচনৰ সময়তো ভুৱা শৈক্ষিক অৰ্হতাৰ তথ্য উল্লেখ কৰিছিল।সেই সময়ত তেওঁ ১৯৯০ চনত ইঞ্জিনীয়াৰিঙৰ ডিপ্ল’মা গ্ৰহণ কৰা বুলি শপতনামাত উল্লেখ কৰিছিল যদিও ২০২১ৰ নিৰ্বাচনৰ সময়ত তেওঁ সেই তথ্য দিয়া নাই।
একেদৰে বিধায়ক কৰিমুদ্দিন বৰভূঞাই ১৯৮৭ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি তথ্য দিছিল যদিও তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰাত অসম উচ্চতৰ মাধ্যমিক সংসদে বৰভূঞাই ১৯৮৭ চনত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা স্বীকাৰ কৰিছে যদিও তেওঁ পৰীক্ষাত উত্তীৰ্ণ হোৱা নাছিল বুলি কোৱাৰ কথাও আমিনুল হক লস্কৰে প্ৰকাশ কৰিছে।
এনেবোৰ বিসংগতিৰ ভিত্তিতে লস্কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰভূঞাৰ বিৰুদ্ধে গোচৰ তৰিছিল। উক্ত গোচৰৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰাই চুৰাণাই আজি গোচৰটোৰ শুনানি গ্ৰহণ কৰিব।
ইপিনে এআইইউডিএফৰ সোণাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই তেওঁৰ বিৰুদ্ধে উত্থাপিত শৈক্ষিক অৰ্হতা জালিয়াতিৰ অভিযোগক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দিছে।
উল্লেখ্য কৰিমুদ্দিন বৰভূঞাই এইবেলিৰ বিধানসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰক পৰাজিত কৰিছে।