ৰাজ্যৰ সকলো কাৰাগাৰৰ কাৰাবন্দীকে শীঘ্ৰে কোভিড ভেকচিন প্ৰদানৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

সহস্ৰাধিকৰ মাজত মাত্ৰ ১৭৫ গৰাকী কাৰাবন্দীয়েহে লাভ কৰিছে কোভিডৰ সম্পূৰ্ণ ভেকচিন

JailPic

ক’ৰ’নাতংকই গ্ৰাস কৰা ৰাজ্যত কোভিড ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া চলি আছে যদিও কাৰাগাৰ সমূহত থকা কয়েদীসকলে এতিয়াও সঠিক বাবে ভেকচিন পোৱা নাই।

এনে পৰিস্থিতিতগুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ প্ৰতিখন কাৰাগাৰৰ প্ৰতিগৰাকী কয়েদীকে যিমান পাৰি সিমান সোনকালে কোভিড ভেকচিন প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলিয়া আৰু ন্যায়াধীশ মানস ৰঞ্জন পাঠকে কাৰাবন্দীক কোভিড ভেকচিন প্ৰদান কৰাৰ বিষয়টো পৰ্যালোচনা কৰি কয় যে ৰাজ্যৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা ১১,৩৯৮ গৰাকী কাৰাবন্দীৰ তালিকা ফঁহিয়াই চাই দেখা গৈছে যে ১১,৩৯৮ গৰাকী কাৰাবন্দীৰ ভিতৰৰে ৭৫২৪ গৰাকী কাৰাবন্দীকহে ভেকচিন প্ৰদান কৰা হৈছে।

ইয়াৰে আকৌ ১৭৫ গৰাকী কাৰাবন্দীয়েহে কোভিডৰ সম্পূৰ্ণ ভেকচিন অৰ্থাৎ দুটা ভেকচিন লাভ কৰিছে।

সেয়ে আদালতে ৰাজ্যৰবিভিন্ন কাৰাগাৰত বন্দী হৈ থকা প্ৰায় ৪০০০ কাৰাবন্দীক শীঘ্ৰে ভেকচিন প্ৰদানৰ বাবে নিৰ্দেশ দিয়ে।

আদালতৰ নিৰ্দেশৰ পিছতে ৰাজ্য চৰকাৰৰ পৰা আদালতক এইবুলি জনোৱা হয় যে বাকী থকা কাৰাবন্দীসকলকো দুসপ্তাহৰ ভিতৰত কোভিড ভেকচিন প্ৰদান কৰা হ’ব।

উল্লেখ্য ৰাজ্যৰ কাৰাগাৰ সমূহত কোভিডৰ ভয়াৱহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিততে ২০২০ চনৰ ২৩ জুলাইত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ বিষয়টো গ্ৰহণ কৰি ৰাজ্যৰ কাৰাগাৰৰ মহাপৰিদৰ্শকক কোভিড আক্ৰান্ত কাৰাবন্দীৰ তথ্য আদালতক অৱগত কৰিবলৈ নিৰ্দেশ দিছিল।

একেদৰে চলিত বৰ্ষৰ ২৯ এপ্ৰিলতো গুৱাহাটী উচ্চ ন্যায়ালয়ে কোভিড আক্ৰান্ত কাৰা বন্দীৰ সু-চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছিল।