NORTHEAST NOW (Assamese)

আজি পুনৰ এ পি এছ চি কেলেংকাৰীৰ চাৰিজন অভিযুক্ত বিষয়াই পালে জামিন

October 10, 2018 2:47 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

যোৱা ৪ আৰু ৮ অক্টোবৰত এ পি এছ চি কেলেংকাৰীত অভিযুক্ত ১৪ গৰাকীকৈ ৰাজপত্রিত বিষয়াই জামিন লাভ কৰাৰ পিছত আজি পুনৰ উক্ত কেলেংকাৰীত অভিযুক্ত আন ৪ গৰাকী অভিযুক্তক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে।

জামিন পোৱা অভিযুক্ত বিষয়া কেইগৰাকী হৈছে ক্ৰমে হেমন্ত হিল্লোল শইকীয়া, জ্যোতিৰ্ময় অধিকাৰী, যতীন্দ্ৰ প্ৰসাদ বৰুৱা আৰু দেৱজিৎ বৰা।

উল্লেখ্য যে ন্যায়াধীশ ৰুমী কুমাৰী ফুকনৰ আদলতে উক্ত চাৰিগৰাকী অভিযুক্তৰ জামিন আবেদন মঞ্জুৰ কৰে। এই পৰ্যন্ত এ পি এছ চি কেলেংকাৰীত জামিনপ্ৰাপ্ত বিষয়াৰ সংখ্যা ২১ গৰাকীলৈ বৃদ্ধি পোৱা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে এ পি এছ চি কেলেংকাৰীত এ পি এছ চিৰ অধ্যক্ষ ৰাকেশ পালকে ধৰি মুঠ ৫৪ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল।

Related News