বিদেশী সন্দৰ্ভত তথ্যকোষ : ৰাজ্য চৰকাৰক ৩১ জানুৱাৰি সময়সীমা বান্ধি দিলে উচ্চ ন্যায়ালয়ে

hc-759

ৰাজ্য চৰকাৰৰ হাতত বিদেশী, বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰ আৰু ডি ভোটাৰ আদিৰ তথ্য তৎকালীনভাৱে পাবলৈ ‘তথ্যকোষ’ নথকাৰ বাবে ৰাজ্য চৰকাৰ আৰু ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৈফিয়ৎ তলৱৰ সন্মুখীন হ’বলগীয়া হয়।

বৃহস্পতিবাৰে আদালতত হাজিৰ হৈ মুখ্য সচিব আলোক কুমাৰ, অতিৰিক্ত মুখ্য সচিব, গৃহ বিভাগৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব আৰু প্ৰধান সচিব, সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান আৰু ৰাজ্যিক নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী বিষয়াই তথ্য কোষ প্ৰস্তুত কৰিব নোৱৰা সন্দৰ্ভত ব্যাখ্যা আগবঢ়াবলৈ বাধ্য হয়। ন্যায়ালয়ে অহা ৩১ জানুৱাৰিৰ ভিতৰত তথ্য কোষ সাজু কৰাৰ সময়সীমাও বান্ধি দিয়ে।

উল্লেখযোগ্য যে আলী আহমেদ নামৰ এজন সন্দেহজনক নগৰিকৰ বিৰুদ্ধে উজনি অসমৰ এখন বিদেশী ন্যায়াধিকৰণত চলা গোচৰত তেওঁক বিদেশী ঘোষণা কৰি বহিষ্কাৰৰ নিৰ্দেশ দিয়া হৈছিল। কিন্তু তেওঁ তাৰ পৰা পলায়ন কৰি মধ্য অসমত আত্মগোপন কৰি থাকি এন আৰ চিৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে আলী আহমেদে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু তেওঁৰ নাম যিহেতু এন আৰ চিত অন্তৰ্ভুক্ত হৈছে সেয়েহে পূৰ্বৰ গোচৰটোৰ পৰা তেওঁৰ নাম খাৰিজ কৰাৰ বাবে আৱেদন জনায়।

এই আৱেদন লাভ কৰাৰ পাছতে ন্যায়ালয়ে এন আৰ চি কৰ্তৃপক্ষক কৈফিয়ৎ তলৱ কৰে। এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে ন্যায়ালয়ক জনায় যে ৰাজ্য চৰকাৰৰ বিদেশী সম্পৰ্কীয় তথ্য তাৎক্ষণিকভাৱে লাভ কৰিব পৰা কোনো তথ্য কোষ নাই। যাৰ বাবে এনে বিসংগতি ৰৈ গৈছে।

ন্যায়ালয়ে ৰাজ্য চৰকাৰ আৰু নিৰ্বাচন আয়োগক তথ্য কোষ নথকাৰ বাবে সমালোচনা কৰি ৩ মাহৰ ভিতৰত তথ্য কোষ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। কিন্তু এই নিৰ্দেশৰ আঠ মাহ উকলি যোৱাৰ পাছতো আদালতত এই সন্দৰ্ভত কোনো তথ্য দিবলৈ সক্ষম নোহোৱাৰ বাবে বৃহস্পতিবাৰে ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু নেলছন ফাইল’ৰ আদালতত আটাইকেইজন চৰকাৰী বিষয়াই হাজিৰ হৈ তথ্য কোষ প্ৰস্তুত কৰিব নোৱাৰাৰ কাৰণ দৰ্শাবলৈ বাধ্য হয়।

আনহাতে, আগন্তুক গণতন্ত্ৰ দিৱসৰ প্ৰস্তুতি চলাই থকাৰ বাবে তথ্য কোষ প্ৰস্তুত কৰিব পৰা নাই বুলি কাৰণ দৰ্শাই তেওঁলোকে গণতন্ত্ৰ দিৱসৰ পাছতে তথ্যকোষ প্ৰস্তুত কৰিবলৈ সক্ষম হ’ব বুলি আদালতক জনায়।

আনহাতে, আদালতে অহা ৩১ জানুৱাৰিৰ ভিতৰত তথ্যকোষ সম্পূৰ্ণ কৰিবলৈ ৰাজ্য চৰকাৰক সময়সীমা বান্ধি দিয়ে।