‘কা’ আন্দোলনত নিহতৰ স্বতন্ত্র ন্যায়িক তদন্ত বিচাৰি আবেদন; শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

1618254492_hc-750x375

অসমত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত পাঁচজনকৈ প্ৰতিবাদকাৰী নিহত হোৱা ঘটনাৰ স্বতন্ত্র ন্যায়িক তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন।

বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোহাঁই আৰু লেখক-সমাজকৰ্মী পৰেশ মালাকাৰে দাখিল কৰা ৮/২০২২ নম্বৰৰ এই আবেদনখনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত অসম চৰকাৰক তিনি সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলীয়া আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ খণ্ড বিচাৰপীঠে শুকুৰবাৰে এই আবেদনখনৰ শুনানি গ্ৰহণ কৰিছিল।

লগতে পঢ়ক: মিহিমুখত হাতীত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন ৰাষ্ট্ৰপতিৰ; অসমৰ ভীম কল লৈ যাব ৰাষ্ট্ৰপতি কোবিন্দে

উল্লেখ্য যে ২০১৯চনৰ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা তীব্ৰ আন্দোলনৰ সময়ত মহানগৰীৰ ছাত্ৰ ছেম ষ্টেফ’ৰ্ডকে ধৰি ৰাজ্যৰ পাঁচজন প্ৰতিবাদকাৰীৰ আৰক্ষীৰ গুলীত মৃত্যু ঘটিছিল।

শুনানি গ্ৰহণ কৰি আদালতে তিনি সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ ৰাজ্য চৰকাৰকে ধৰি পদকীয়া পক্ষ ক্ৰমে গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব, আৰক্ষী সঞ্চালক প্ৰধান, মহানগৰ আৰক্ষী আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তলৈ জাননী জাৰি কৰে।

আদালতে অহা ২৩ মাৰ্চত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে।

ৰাজ্যত কা গৃহীত হোৱাৰ পিছত গঢ়ি উঠা তীব্ৰ প্ৰতিবাদী আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত পাঁচজনকৈ প্ৰতিবাদকাৰী নিহত হোৱা ঘটনাৰ আৰক্ষীয়ে সঠিকভাৱে তদন্ত কৰা নাই আৰু মানৱ অধিকাৰ আয়োগত পঞ্জীয়ন হোৱা গোচৰটোও গুচৰীয়া আৰু সাক্ষী হাজিৰ নোহোৱাৰ ফলত বন্ধ ৰখা হৈছে বুলি ৰাজহুৱা স্বাৰ্থজনিত আবেদনখনত উল্লেখ কৰি কোৱা হৈছে যে আৰক্ষীৰ গুলীত নিহত হোৱা প্ৰতিটো মৃত্যুৰ ঘটনাৰ স্বতন্ত্ৰ তদন্ত কৰাৰ প্ৰয়োজন আছে বুলি উচ্চতম ন্যায়ালয়ে ইতিমধ্যে মতপোষণ কৰি থৈছে।

কিয়নো এনে ঘটনাই আইনৰ শাসনৰ আৰু ফৌজদাৰী ন্যায় ব্যৱস্থাৰ বিশ্বাসযোগ্যতাৰ ওপৰত সন্দেহৰ সৃষ্টি কৰে।

লগতে পঢ়ক: যুদ্ধভূমিত মানৱতা! জটিল সময়ত ইউক্ৰেইনৰ ভাৰাঘৰৰ মালিকৰ পৰিয়ালক এৰি আহিবলৈ অস্বীকাৰ হাৰিয়ানাৰ যুৱতীৰ

আবেদনকাৰীয়ে গুৱাহাটীৰ ছাত্ৰ ছেম ষ্টেফ’ৰ্ডৰ হত্যাকাণ্ডকে ধৰি পাঁচোটা হত্যাকাণ্ডৰ গোচৰত ৰাজ্য প্ৰশাসন সাংবিধানিক কৰ্তব্য পালনত ব্যৰ্থ হৈছে বুলি আদালতক অৱগত কৰে।

এনে পৰিপ্ৰেক্ষিতত আবেদনকাৰীয়ে এই ঘটনাকেইটাৰ স্বতন্ত্ৰ ন্যায়িক তদন্তৰ লগতে ভুক্তভোগী পৰিয়ালকেইটাৰ বাবে উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক নিৰ্দেশ দিবলৈ আদালতত আৰ্জি জনায়।

আদালতত আবেদনকাৰীৰ হৈ যুক্তি প্ৰদৰ্শন কৰিছিল অধিবক্তা বিক্ৰম ৰাজখোৱাই।