IDOLত ভুৱা নামভৰ্তিৰে কোটি কোটি টকা আহৰণ গুৱাহাটী বিশ্ব.বি.ৰ; তদন্তৰ দাবী আছুৰ

Guwahati-University-Assam-27

ফটো উৎস : ইণ্টাৰনেট

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠান চমুকৈ আইদল (IDOL)ৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগক লৈ সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয় গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোট।

CAGৰ প্ৰতিবেদনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক ভয়ংকৰ জালিয়াতি পোহৰলৈ অহাৰ পিছতেই বিশ্ববিদ্যালয়খনৰ আছু গোটে এক প্ৰেছ বিবৃতিযোগে সমগ্ৰ বিষয়টোৰ এক উচ্চ পৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছে।

উল্লেখ্য যে CAGৰ প্ৰতিবেদনৰ মতে  অনুমোদনহীনভাৱে ১৯টা বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয় আইদলে ২০১০-১১ৰ পৰা ২০১৬-১৭ লৈকে মুঠ ৭৩,৯১২ গৰাকী শিক্ষাৰ্থীক ভৰ্তি কৰোৱাইছিল। আৰু এই বিষয়সমূহত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰমাণপত্ৰ অবৈধ আৰু চাকিৰৰ বাবে অযোগ্য।

ইয়াৰ উপৰি কেগৰমতে বিশ্ববিদ্যালয়খনে সাত বছৰত ভয়ংকৰ জালিয়াতিৰে শিক্ষাৰ্থীৰ নামভৰ্তিৰ বিনিময়ত মুঠ ৩৯.০৬ কোটি টকা আহৰণ কৰিছে।

এই সন্দৰ্ভত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যত্ৰয় ক্ৰমে গোপাল দাস, পিনাক কৈশিক বৰা আৰু উৎপল শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কেৱল আইদল কৰ্তৃপক্ষক জগৰীয়া কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসন দায়মুক্ত হ’ব নোৱাৰে।

তেওঁলোকে লগতে কয় যে বিশ্ববিদ্যালয়ে ২০১১ চনৰ পৰাই বিশ্ববিদ্যলয় অনুদান আয়োগক ভুৱা শপতনামা দাখিল কৰি আহিছে। অনুদান আয়োগৰ অনুমতি অবিহনেই ২১টা অতিৰিক্ত পাঠ্যক্ৰম প্ৰৱৰ্তন কৰি কোটি কোটি টকা সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে। এয়া সাধাৰণ কথা নহয়। সেয়ে ইয়াৰ উচিত তদন্ত হ’ব লাগে।

উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন বিসংগতিয়ে ছাত্ৰ-ছাত্ৰীক মানসিক চাপত ৰখাৰ সময়তে আইদল সম্পৰ্কে যি ভয়ংকৰ প্ৰতিবেদন প্ৰকাশ পাইছে তাক লৈ মুখ্য মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীক উচ্চস্তৰীয় আৰু নিৰপেক্ষ তদন্ত ঘোষণা কৰিবলৈ বিশ্ববিদ্যালয় আছু গোটে আহ্বান জনাইছে।

যদি এই গুৰুত্বপূৰ্ণ বিষয়টোত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে তেন্তে ভৱিষ্যতে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলিও জানিবলৈ দিয়ে।