• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2025 9:11 am
99
VIEWS
Share on FacebookShare on Twitter

বিশ্ব পৰিৱেশ দিৱসত ভৱিষ্যত প্ৰজন্মৰ বাবে এক সুস্থ শৈক্ষিক তথা পাৰিৱেশিক বাতাবৰণ সৃষ্টিৰ উদ্দেশ্যে গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ মাজত বৃহস্পতিবাৰে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। উক্ত চুক্তি অনুসৰি দুয়োটা প্ৰতিষ্ঠানে পৰিৱেশৰ লগত জড়িত আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ গৱেষণামূলক আৰু সজাগতামূলক প্ৰচাৰ তথা বিভিন্ন পৰিৱেশ হিতৈষী কাৰ্যসূচী হাতত লব ।

উক্ত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত অনুষ্ঠানত মুখ্য বক্তা ৰূপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক দুলাল চন্দ্ৰ গোস্বামী, মুখ্য অতিথি হিচাপে উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত, সন্মানীয় অতিথিৰূপে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ অধ্যক্ষ ড⁰ অৰূপ কুমাৰ মিশ্ৰ আৰু বিশিষ্ট অতিথিৰূপে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ সদস্য সম্পাদক গকুল ভূঞা উপস্থিত থাকে।

মুখ্য বক্তা দুলাল চন্দ্ৰ গোস্বামীয়ে তেওঁৰ ভাষণত পৰিৱেশ সজাগতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে, “ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সজাগতামূলক বিভিন্নধৰণৰ পদক্ষেপক আমি আমাৰ দৈনন্দিন জীৱনত মানি চলিবলৈ চেষ্টা কৰিব লাগে যাৰ দ্বাৰা আমাৰ ভৱিষ্যত প্ৰজন্মই নিজৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰিব।” আনগৰাকী সন্মানীয় অতিথি ড⁰ অৰূপ কুমাৰ মিশ্ৰই বুজাবুজিৰ চুক্তিৰ জৰিয়তে হব’লগীয়া বিভিন্ন বিষয় সম্পৰ্কে ভাষণ প্ৰদান কৰে ।

মুখ্য অতিথিৰূপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই নিজৰ ভাষণত উল্লেখ কৰে যে, “পৰিৱেশ সংৰক্ষণৰ বাবে শৈক্ষিক তথা গৱেষণামূলক কাৰ্যপন্থাৰ প্ৰয়োজন। বুজাবুজিৰ চুক্তিৰ জৰিয়তে আমি আমাৰ অঞ্চলত সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানসমূহৰ ওপৰত অধ্যয়ন কৰি উন্নয়নমূলক কাৰ্যসূচী হাতত লব পাৰোঁ।”

উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ গুণমান প্ৰত্যয়ন কেন্দ্ৰ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ উদ্যোগত তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগ আৰু ভি. ভেঙ্কট ৰাও গৱেষক আৱাসৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত উক্ত অনুষ্ঠানৰ অংশ হিচাপে চিত্ৰাংকন তথা সদৌ অসম ভিত্তিত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

অসমৰ বিশিষ্ট কুইজ পৰিচালক দীপাংকৰ কৌশিকে পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাত ২৭ খনতকৈও অধিক শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।  পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত ‘গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সন্থা’ৰ সভাপতি অধ্যাপক দ্বীপেন বেজবৰুৱাই এক বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে ।

Recent News

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ব্লেকমেইল কৰাৰ অভিযোগ ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰীৰ; তৰিলে গোচৰ

ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ব্লেকমেইল কৰাৰ অভিযোগ ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰীৰ; তৰিলে গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd