হোমেন বৰগোহাঞিক সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ‘গৌৰ নাৰায়ণ বঁটা’ প্ৰদান

All Assam Chutiya Students Union

ফটোৰ উৎস ফে'চবুক

ৰাজ্যৰ বিশিষ্ট সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞিলৈ আগবঢ়োৱা হৈছে ‘গৌৰ নাৰায়ণ বঁটা’। ১১ ছেপ্তেম্বৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই তেওঁলোকৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি  আয়োজন কৰা এক অনুষ্ঠানত বৰগোহাঞিক এই বঁটা প্ৰদান কৰে।

বঁটা গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক গৰাকীয়ে বগীবিল দলঙৰ নাম সতী সাধনীৰ নামেৰে ৰাখিবলৈ চুতীয়াসকলে দিৰ্ঘদিনৰ পৰা জনাই অহা দাবীক সমৰ্থন জনাই চৰকাৰক এই দাবী মানি ল’বলৈ ৰাজহুৱাভাৱে আহ্বান জনায়। অন্যথা চৰকাৰে কেৱল চুতীয়াসকলৰে নহয় সমগ্ৰ অসমীয়া জনসাধাৰণৰে আশা-অনুভূতিক গভীৰ আঘাট দিয়া হ’ব।

ইয়াৰ উপৰি যোৱা ৩-৪ বছৰত চুতীয়াসকলৰ যথেষ্ট উন্নতি হৈছে বুলি উল্লেখ কৰি তেওঁ চুতীয়া ছাত্ৰ সন্থাক ৰাজনৈতিক ক্ষেত্ৰৰ উপৰিও জনগোষ্ঠীটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক দিশৰ প্ৰতিও মনোযোগ দিবলৈ পৰামৰ্শ দিয়ে।

আনহাতে, কালিৰ অনুষ্ঠানত বৰগোহাঞিৰ লগতে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্যক ‘বীৰ বিৰোচন চুতীয়া’ বঁটাৰে সন্মানিত কৰাৰ কথা আছিল যদিও তেওঁ উপস্থিত নথকাত আয়োজকসকলে পৰৱৰ্তী সময়ত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভট্টাচাৰ্যক এই বঁটা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে।

অনুষ্ঠানটোত ৰাজ্য চৰকাৰৰ কৃষি, পশুপালন আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰা, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ আৰু প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, লেখক ময়ূৰ বৰাকে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।