অসম প্ৰদেশ কংগ্ৰেছৰ গুৰু দায়িত্ব লাভ কৰিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। সোমবাৰে কংগ্ৰেছৰ হাইকামাণ্ডে গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়ে। নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত ঘোষণা কৰে।
উল্লেখ্য যে যোৱা দুই-তিনি সপ্তাহ ধৰি গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ সৈতে পাকিস্তানৰ সম্পৰ্ক আছে বুলি অভিযোগ উত্থাপন কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ দ্বাৰা যুক্তিহীন আৰু তথ্যহীন অভিযোগেৰে গৌৰৱ গগৈৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰাৰ লগতে ভাবমূৰ্তি হ্ৰাস কৰাৰ চেষ্টা চলাই আহিছে বুলি অভিযোগ উত্থাপন হৈছে। কিন্তু এই অভিযোগৰ বিতৰ্ক তুংগত থকাৰ সময়তে কংগ্ৰেছৰ হাইকামাণ্ডে গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অপৰ্ণ কৰি হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ এক প্ৰকাৰে নৎসাৎ কৰিছে।
অসম প্ৰদেশ কংগ্ৰেছৰ পূৰ্বৰ সভাপতি ভূপেন কুমাৰ বৰাক আঁতৰাই গৌৰৱ গগৈক সভাপতিৰ দায়িত্ব দিয়াৰ বিপৰীতে ভূপেন কুমাৰ বৰাক নিৰ্বাচন প্ৰচাৰ কমিটিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।
লগতে জাকিৰ হুছেইন শিকদাৰ, ৰ’জেলিনা তীৰ্কি আৰু প্ৰদীপ সৰকাৰক কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে।
বিদায়ী সভাপতি ভূপেন কুমাৰ বৰাৰ কাৰ্যকালত আগবঢ়োৱা অৱদানৰ বাবে দলটোৱে কৃতজ্ঞতা জ্ঞাপন কৰিছে।
ইয়াৰ উপৰিও অসম প্ৰদেশ কংগ্ৰেছৰ সমন্বয় সমিতিৰ অধ্যক্ষ হিচাপে দেৱব্ৰত শইকীয়া, ইস্তাহাৰ সমিতিৰ অধ্যক্ষ হিচাপে প্ৰদ্যুত বৰদলৈ, প্ৰচাৰ সমিতিৰ অধ্যক্ষ হিচাপে ৰকিবুল হুছেইনক নিযুক্তি দিয়া হৈছে।