NORTHEAST NOW (Assamese)

আই পি এছ গৌৰৱ উপাধ্যায়ৰ পদোন্নতি

February 11, 2023 2:59 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 12, 2023 6:51 am

আই পি এছ বিষয়া গৌৰৱ উপাধ্যায়ক বৰ্তমানৰ আৰক্ষী অধীক্ষকৰ পদৰ পৰা পৰিবহণ বিভাগৰ অতিৰিক্ত সচিব পদলৈ বদলি কৰা হৈছে।

উল্লেখ্য যে ইয়াৰ উপৰিও গৌৰৱ উপাধ্যায়ে অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ ৰাজ্যিক প্ৰকল্প সঞ্চালকৰ দায়িত্বও গ্ৰহণ কৰিব।


তেওঁ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পি আই ইউৰ অধীনত অসম সংহত নদী অৱবাহিকা ব্যৱস্থাপনা প্ৰকল্পৰ প্ৰকল্প বিষয়াৰ পদতো অধিষ্ঠিত হ’ব।

এই পদোন্নতিৰ চৰকাৰী অধিসূচনাত লিখা আছে যে জনসেৱাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে।

Related News