NORTHEAST NOW (Assamese)

বিবাহপাশত আবদ্ধ গৌতম আদানীৰ পুত্ৰ জিৎ আদানী! সামাজিক কামৰ বাবে দহ হাজাৰ কোটি টকাৰ ঘোষণা

February 8, 2025 4:10 pm · এন ই নাও নিউজ, গুৱাহাটী

কনিষ্ঠ পুত্ৰ জিৎ আদানীৰ বিয়া উপলক্ষে উদ্যোগী তথা আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে সামাজিক কামৰ প্ৰতি ১০ হাজাৰ কোটি টকাৰ প্ৰতিশ্ৰুতি দিছে। আহমেদাবাদৰ আদানী শান্তিগ্ৰাম চহৰৰ বেলভেডেৰ ক্লাবত অনুষ্ঠিত এই অনুষ্ঠানত কেৱল ঘনিষ্ঠ পৰিয়াল আৰু বন্ধু-বান্ধৱীয়েহে অংশগ্ৰহণ কৰিছিল।

চিয়েল মিডিয়াত এই খবৰটো শ্বেয়াৰ কৰি গৌতম আদানীয়ে এক্স (পূৰ্বৰ টুইটাৰ)ত লিখিছে, “সৰ্বশক্তিমান ঈশ্বৰৰ আশীৰ্বাদত জিৎ আৰু দিবাই আজি বিবাহৰ পবিত্ৰ গাঁঠি বান্ধিলে। আজি আহমেদাবাদত পৰম্পৰাগত ৰীতি-নীতি আৰু আপোনজনৰ মাজত শুভ মংগল ভাৱৰ সৈতে বিবাহ অনুষ্ঠিত হয়। এয়া আছিল এক সৰু আৰু অতি ব্যক্তিগত অনুষ্ঠান, গতিকে আমি সকলোকে আমন্ত্ৰণ কৰিব নোৱাৰিলোঁ মোৰ ছোৱালী দিভা আৰু জিৎৰ বাবে আপোনালোক সকলোৰে পৰা আন্তৰিকতাৰে আশীৰ্বাদ আৰু মৰম বিচাৰিছো।”

উল্লেখ্য যে, হীৰা বেপাৰী জৈমিন শ্বাহৰ কন্যা দিভা। আদানী বিমানবন্দৰৰ সঞ্চালক হিচাপে কাম কৰি ছটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু আগন্তুক নভি মুম্বাই বিমানবন্দৰৰ তদাৰক কৰা জিৎ আদানী ইউনিভাৰ্চিটি অৱ পেনচিলভেনিয়াৰ স্কুল অৱ ইঞ্জিনিয়াৰিং এণ্ড এপ্লাইড ছায়েন্সৰ প্ৰাক্তন ছাত্ৰ।

সামাজিক কামৰ বাবে ১০ হাজাৰ কোটি টকা অনুদানৰ প্ৰতিশ্ৰুতি গৌতম আদানী

গৌতম আদানীয়ে স্বাস্থ্যসেৱা, শিক্ষা, আৰু দক্ষতা বিকাশৰ আন্তঃগাঁথনিৰ পদক্ষেপৰ বাবে ১০ হাজাৰ কোটি টকাৰ প্ৰতিশ্ৰুতি দিছে। তেওঁৰ ঘনিষ্ঠ সূত্ৰজনোৱা মতে, এই ধনৰাশি সমাজৰ সকলো শ্ৰেণীৰ বাবে নিয়োগযোগ্যতা নিশ্চিত কৰাৰ লক্ষ্যৰে সুলভ মূল্যৰ বিশ্বমানৰ চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয়, বিদ্যালয়, আৰু বিশ্বব্যাপী দক্ষতা একাডেমী স্থাপনৰ বাবে ব্যৱহাৰ কৰা হব বুলি তেওঁলোকে জনায়।

বিয়াৰ দুদিন পূৰ্বে গৌতম আদানীয়ে মংগল সেৱা কাৰ্যসূচী আৰম্ভ কৰে, যাৰ লক্ষ্য হৈছে নৱবিবাহিত বিশেষভাৱে সক্ষম মহিলাসকলক সহায় কৰা। এই পদক্ষেপৰ অধীনত প্ৰতি বছৰে ৫০০ গৰাকী এনে মহিলাই ১০ লাখ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব।

এই কাৰ্যসূচীৰ আৰম্ভণি উপলক্ষে জীত আদানীয়ে ২১ গৰাকী নৱবিবাহিত দিব্যাং  মহিলা আৰু তেওঁলোকৰ স্বামীক লগ পায়। জিৎ আৰু দিভাই এক গুণী সংকল্পৰে যাত্ৰা আৰম্ভ কৰাত আনন্দ প্ৰকাশ কৰি তেওঁ নিজৰ চিন্তা চচিয়েল মিডিয়াত ভাগ-বতৰা কৰে।

Related News