প্ৰবল প্ৰতিবাদৰ মাজতে ইজৰাইলৰ সংসদত ধুমুহাৰ সৃষ্টি কৰিলে পণবন্দীসকলৰ আত্মীয়ই

ফটোঃ সংগ্ৰহীত।

ধাৰাবাহিক প্ৰতিবাদৰ মাজতে গাজাত হামাছৰ যোদ্ধাসকলে ৰখা পেলেষ্টাইনী পণবন্দীসকলৰ আত্মীয়ই ইজৰাইলৰ সংসদত ধুমুহাৰ সৃষ্টি কৰে।

চাৰে তিনিমাহৰ পাছতো ইজৰাইল চৰকাৰে পণবন্দীসকলক মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰাত ব্যৰ্থ হোৱাৰ বাবেই তেওঁলোকে ক্ষোভত এই আগ্ৰাসন সংঘটিত কৰে। অৱশ্যে বিগত বৰ্ষৰ ৭ অক্টোবৰৰ পৰা অৱৰুদ্ধ কৰা গাজা ষ্ট্ৰিপত অহৰহ আক্ৰমণ চলাই আহিছে ইহুদীধৰ্মী দেশখনে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সোমবাৰে জেৰুজালেমৰ নেচেটত সংসদীয় সমিতিৰ অধিৱেশনৰ সময়ত পণবন্দীসকলৰ আত্মীয়ৰ এটা দলে প্ৰতিবাদ সাব্যস্ত কৰে। এই সময়ত তেওঁলোকে সাংসদসকলক নিজৰ আপোনজনক মুক্ত কৰাৰ প্ৰচেষ্টা শক্তিশালী কৰিবলৈ দাবী জনায়।

গাজা যুদ্ধৰ চতুৰ্থ মাহত প্ৰায় ২০ জন প্ৰতিবাদকাৰীৰ এই পদক্ষেপে ইজৰাইলত যুদ্ধ বিৰোধী আৱেগ ক্ৰমাৎ বৃদ্ধি পোৱাৰ ইংগিত দিয়ে।

সোমবাৰে সংসদত প্ৰতিবাদৰ সময়ত গাজাত পণবন্দী হৈ থকা তিনিজন আত্মীয়ৰ ফটো এখন হাতত লৈ আছিল এগৰাকী মহিলাই। পণবন্দী আত্মীয়সকলক শীঘ্ৰে উদ্ধাৰৰ দাবীত তেওঁ বিভিন্ন শ্লোগান তুলি কৰে।

নৱেম্বৰ মাহত ইজৰাইলে যুদ্ধবিৰতি পৰ্যায়ক্ৰমে বৃদ্ধি কৰিছিল আৰু কিছুমান পণবন্দীক মুকলি কৰি দিছিল। অৱশ্যে হামাছে এতিয়াও গাজাত প্ৰায় ১৩০ জনক পণবন্দী কৰি ৰাখিছে।

নেচেটত বিত্ত সমিতিৰ আলোচনাৰ সময়ত মহিলাগৰাকীয়ে নিজৰ আত্মীয়ক মুকলি কৰি দিবলৈ আহ্বান জনায়। এই সময়ত তেওঁক কান্দি থকা দেখা যায়। তেওঁ কান্দি কান্দি কয়, “মই মাত্ৰ তেওঁলোকক জীৱিত অৱস্থাত বিচাৰো”।

ক’লা টি-চাৰ্ট পৰিধান কৰা আন প্ৰতিবাদকাৰীসকলেও বিভিন্ন দাবীৰ পোষ্টাৰ হাতত লৈ থকা দেখা গৈছে। “তাত তেওঁলোক মৰিলে আপুনি ইয়াত বহি থাকিব নোৱাৰিব” বুলি লিখা পোষ্টাৰ এখনো হাতত লৈ থকা দেখা যায়। “এতিয়াই, এতিয়াই, এতিয়াই তেওঁলোকক মুক্ত কৰক” তেওঁলোকে ধ্বনি দিয়ে। সেই সময়ত একাংশ প্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে ৭ অক্টোবৰত পেলেষ্টাইনৰ স্বাধীনতা গোট হামাছৰ যোদ্ধাসকলে ইজৰাইলৰ দক্ষিণ অংশত আক্ৰমণ কৰি গাজাত ১২০০ জন লোকক হত্যা কৰাৰ লগতে ২৫০ৰো অধিক লোকক বন্দী কৰিছিল।

ইফালে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইজিপ্ত, কাটাৰ আৰু আমেৰিকাই হামাছৰ সৈতে ইজৰাইলৰ পণবন্দী মুক্তিৰ নতুন চুক্তিৰ কাম কৰি আছে। অৱশ্যে এই চুক্তিৰ পোহৰ দেখাৰ সম্ভাৱনা নাই। কাৰণ ইজৰাইলে ঘোষণা কৰিছে যে উপত্যকাৰ পৰা হামাছ নিৰ্মূল নোহোৱালৈকে যুদ্ধ চলি থাকিব।

ইপিনে, হামাছে ইজৰাইলৰ কাৰাগাৰত বন্দী হৈ থকা সকলো জ্যেষ্ঠ পেলেষ্টাইনী নাগৰিকক মুকলি কৰি দিয়া আৰু ইজৰাইলৰ সৈন্যই গাজাৰ পৰা আঁতৰি নোযোৱালৈকে পণবন্দীসকলক মুকলি কৰি দিয়াৰ কথা নুই কৰিছে। আনহাতে, হামাছে পণবন্দী কৰি ৰখাৰ ভিতৰত কমেও ২৭ জনে প্ৰাণ হেৰুৱাইছে।