চাৰিটা বিত্তীয় বৰ্ষত ১৯৩ কোটিৰো অধিক টকা ব্যয় : অপৰিৱৰ্তিত গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা

Flood-1-1-990x646

২০১৪-১৫ৰ পৰা ২০১৭-১৮লৈ বিগত চাৰিটা বিত্তীয় বৰ্ষত গুৱাহাটীৰ কৃত্ৰিম বানপানী নিয়ন্ত্ৰণ কৰাৰ বাবে ১৯৩ কোটিৰো অধিক টকা ব্যয় কৰা হৈছে যদিও অদূৰ ভৱিষ্যতে ইয়াৰ কোনো সুফল লাভ কৰাৰ সম্ভাৱনা নাই। এই একেই কাৰণতে ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে ১৪৭ কোটি টকা ইতিমধ্যে মোকোলাই দিয়া হৈছে।

গুৱাহাটীৰ কৃত্ৰিম বানপানী নিয়ন্ত্ৰণ কৰাৰ বাবে গুৱাহাটী উন্নয়ন বিভাগে ৪টা বিভাগ/অভিকৰণক দায়িত্ব প্ৰদান কৰিছে। এই বিভাগ/অভিকৰণকেইটা হৈছে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী পৌৰ উন্নয়ন প্ৰাধিকৰণ, গড়কাপ্তানি (পথ) আৰু জলসম্পদ বিভাগ (কাৰিকৰী)। গুৱাহাটী উন্নয়ন বিভাগৰ পৰা এই বিভাগ/অভিকৰণসমূহে পুঁজি লাভ কৰে।

গুৱাহাটী উন্নয়ন বিভাগৰ পৰা লাব কৰা পুঁজিসমূহ নলা পৰিস্কাৰ কৰা, ভৰলু, মৰাভৰলু, বাহিনী, বশিষ্ঠ আৰু বোন্দাজান আদি নদী আৰু শিলসাকোঁ বিল, দীপৰ বিল, পামহি, বৰচলা আদিৰ বুকুত খনন কৰাৰ উপৰিও নদী আৰু নিম্নস্থানত থকা এলেকাসমূহৰ পৰা পানী উলিয়াই দিবলৈ পাম্পৰো ব্যৱস্থা কৰা হৈছে। বিভাগটোৱে আৰু জনাইছে যে গুৱাহাটীৰ কৃত্ৰিম বানপানী লাঘৱ কৰাৰ বাবে ২০১৮-১৯ বিত্তীয় বৰ্ষত ১৪৭৬৫.২৪ লাখ টকা উলিয়াই দিয়া হৈছে। ইয়াৰে ৮৫৭২.৪৭ লাখ গড়কাপ্তানি বিভাগে (পথ),৩৭৪.৪২ লাখ জলসম্পদ বিভাগে, গুৱাহাটী পৌৰ উন্নয়ন প্ৰাধিকৰণ ১৩১৮.৩৫ লাখ, আৰু গুৱাহাটী পৌৰ নিগমে ৪৫০০ লাখ টকা লাভ কৰিছে। এই ধনেৰে ইতিমধ্যে কেইবাখনো আঁচনি আৰম্ভ কৰা হৈছে। কিন্তু বিগত ৪ বছৰত ১৯৩ কোটি টকা ব্যয় কৰাৰ পাছতো গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান হোৱা নাই।

যদিওবা বিভাগসমূহে সমস্যাসমূহ বহু পৰিমাণে কমি যোৱা বলি দাবী কৰে সত্য কথাটো হৈছে এই যে গুৱাহাটীত বৰষুণৰ পানীয়ে নতুন নতুন এলেকা প্লাৱিত কৰিয়েই আছে। প্ৰতি বছৰ কৃত্ৰিম বানপানীৰ কবলত পৰা এলেকাসমূহ হৈছে আমবাৰী, চান্দমাৰী, উলুবাৰী (বি বৰুৱা ৰ’ড), গান্ধীবস্তী, লাখটকীয়া, অনীল নগৰ, নবীন নগৰ, তৰুণ নগৰ, জু ৰোড, এমআৰডি ৰ’ড, মাডাৰ টেৰেছা ৰ’ড ভিআইপি ৰ’ডৰ অংশ বিশেষ, খানাপাৰা, নাৰেংগী, হাতীগাঁওষ ভেটাপাৰা, লাষ্টগেট, জিএছ ৰ’ডৰ কিয়দাংশ, ছয়মাইল, ভূতনাথ, মালিগাঁও, কালীপুৰ, গোটানগৰ, সৰ্বা চোধুৰী, তেতেলীয়া, ৰঘুনাথ চৌধাৰী পথ, ধীৰেনপাৰা, টকোবাৰী, সৰুসজাই (হকী ষ্টেডিয়াম, আৰজি বৰুৱা ৰ’ড,ফটাশিল আমবাৰী ভঙাগড়, দাতালপাৰা, কাহিলীপাৰা, যোৰাবাট, বেলতলা ৰ’ড ইত্যাদি।

মেঘালয়ৰ পৰা নামি অহা পানী কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে তাৰ সমাধান বিভাগে উলিয়াব পৰা নাই।