Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

ভাৰতীয় লেখিকা গীতাঞ্জলি শ্ৰী আৰু আমেৰিকান অনুবাদক ডেইজি ৰকৱেলে  তেওঁলোকৰ উপন্যাস ‘ড়ুম্ব অফ ছেণ্ড’ৰ বাবে আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰিছে। এগৰাকী ৮০ বছৰীয়া মহিলাক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে লৈ লিখা উপন্যাসখনৰ মূল নামটো হৈছে ‘ৰেত সমাধি’।

উপন্যাসখন প্ৰথমতে হিন্দীত লিখা হৈছিল। পিছত ইয়াক ইংৰাজীলৈ অনুবাদ কৰা হয়। এই বঁটা লাভ কৰা এইখন হৈছে ভাৰতীয় ভাষাত লিখা প্ৰথমখন গ্ৰন্থ। ৫০হাজাৰ পাউণ্ড পুৰস্কাৰৰ ধন গীতাঞ্জলি শ্ৰী আৰু ডেইজি ৰকৱেলৰ মাজত সমানে ভগাই দিয়া হ’ব।

বুকাৰ বঁটা বাছনি দলৰ এগৰাকী সদস্য ফ্ৰেংক ওৱেনে কয় যে উপন্যাসখন পঢ়াৰ পিছত বিচাৰকসকল অতি আৱেগিক হৈ পৰিছিল। সকলোৱে একেমুখে কৈছিল যে এয়া এক অবিশ্বাস্য সৃষ্টি।

এগৰাকী অশীতিপৰ বিধৱাৰ কাহিনীয়ে উপন্যাসখনৰ মূল বিষয়। উপমহাদেশৰ অশান্ত সময়ছোৱাত দেশ বিভাজনে কেনেকৈ ইয়াৰ কেন্দ্ৰীয় চৰিত্ৰটোৰ জীৱনত প্ৰভাৱ পেলাইছিল আৰু সেই স্মৃতিবোৰে কেনেকৈ তেওঁক ভূতৰ দৰে খেদি ফুৰে উপন্যাসখনত তাৰ কাহিনী বৰ্ণিত হৈছে।

ইংলেণ্ড আৰু আয়াৰলেণ্ডত বছৰি আন্তৰ্জাতিক বুকাৰ বঁটা প্ৰদান কৰা হয়। ইংৰাজীত লিখা উপন্যাস বা ইংৰাজীলৈ অনুবাদ কৰা উপন্যাসসমূহ এই প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰা হয়। ইংৰাজী ভাষাত লিখা বা প্ৰকাশিত উপন্যাসৰ বাবে ই এক অতি সন্মানীয় বঁটা।

ভাৰতৰ বহুতেই ইয়াৰ পূৰ্বে এই বঁটা লাভ কৰিছে। চলমান ৰুশ্বদি, ভি এছ নাইপল, অৰুন্ধতী ৰয়, অমিতাভ ঘোষকে ধৰি আন বহুতে এই বঁটা লাভ কৰিছে যদিও ইংৰাজীৰ বাহিৰে আন ভাৰতীয় ভাষাত লিখা এখন উপন্যাসে এইবাৰ প্ৰথমবাৰৰ বাবে এই বঁটা লাভ কৰিছে।