CAA-বিৰোধী আন্দোলনত ভাগ লোৱা জাৰ্মান ছাত্ৰক বহিষ্কাৰ ভাৰতৰ

CAA-বিৰোধী প্ৰতিবাদৰ সময়ত নিজৰ দেশৰ হিটলাৰৰাজৰ অতীত সুঁৱৰি লিখা প্লেকাৰ্ড লৈছিল জেকবে

Jakob Lindenthal

চেন্নাইত নাগৰিকত্ব (সংশোধন) আইন আৰু এন আৰ চিৰ বিৰুদ্ধে উলিওৱা এটা প্ৰতিবাদত ভাগ লোৱাৰ দোষত ভাৰত চৰকাৰে আই আই টি মাদ্ৰাজত অধ্যয়নৰত জাৰ্মানিৰ এজন ছাত্ৰক দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে।

“মানৱতাৰ কাৰণ”ত প্ৰতিবাদটোত ভাগ লোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়া যুৱকজনৰ নাম জেকব লিণ্ডেলথাল (Jakob Lindenthal)।

এই বাতৰিটো প্ৰকাশ কৰা ইণ্ডিয়ান এক্সপ্ৰেছে জাৰ্মানিৰ ছাত্ৰজনৰ কিছুমান বক্তব্য উদ্ধৃতি হিচাপে প্ৰকাশ কৰিছে, য’ত কোৱা হৈছে ছাত্ৰজনে ২৩ ডিচেম্বৰত প্ৰতিবাদী সমদলটোত প্লেকাৰ্ড লৈ ভাগ লোৱাৰ পিছতে তেওঁক দেশখনৰ পৰা তৎকালে গুচি যাবলৈ কোৱা হয়।

লিণ্ডেলথাল এজন এক্সেঞ্জ ছাত্ৰ আছিল আৰু তেওঁ আই আই টি মাদ্ৰাজত পদাৰ্থবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অধ্যয়ন কৰি আছিল। তেওঁৰ পাঠ্যক্ৰম শেষ হোৱা নাছিল।

লিণ্ডেলথালে প্ৰতিবাদৰ সময়ত এখন প্লেকাৰ্ড হাতত লৈ ফুৰা বুলি সংবাদ প্ৰতিষ্ঠানটোত প্ৰকাশ, য’ত হিটলাৰৰাজৰ দুঃস্মৃতিক সোঁৱৰাই লিখা আছিল “1933 to 1945; We Have Been There”.

জাৰ্মানিত ১৯৩৩ চনৰ পৰা ১৯৪৫ চনলৈ শাসনলৈ অহা নাজি বাহিনীৰ নেতা “কুখ্যাত” হিটলাৰে দেশৰ নাগৰিকৰ মাজৰ ইহুদিসকলক বাছি বাছি হত্যা কৰিছিল। তেওঁৰ শাসনকালত প্ৰায় ৬০ লাখ ইহুদিক হত্যা কৰা হৈছিল আৰু এইবোৰত জাৰ্মান সেনাক সহায় কৰিছিল হিটলাৰৰ অন্ধ অনুগামী। সাধাৰণ অ-ইহুদি জনতাৰ বহু অংশ আছিল হিটলাৰৰ এই অমানৱীয় কামৰ নীৰৱ সমৰ্থক।

দক্ষিণ জাৰ্মানিৰ পৰা ভাৰতলৈ অহা জেকব লিণ্ডেলথালে দেশ এৰাৰ প্ৰাকমুহূৰ্তত সংবাদ মাধ্যমক কয় যে ইমিগ্ৰেশ্যন বিষয়াসকলে তেওঁক প্ৰতিবাদত ভাগ লোৱাৰ বিষয়ে প্ৰশ্ন সোধাৰ উপৰি Chinta Bar নামৰ মাৰ্ক্সবাদী গোট এটাৰ সৈতে থকা সম্পৰ্কৰ বিষয়েও সুধিছিল, যিটো গোটে এই প্ৰতিবাদটো আয়োজন কৰিছিল।

“মই তেওঁলোকক কওঁ যে মই তেনেকুৱা সকলো গোটৰ পৰা দূৰত্ব বজাই ৰাখিছো। আৰু এটা সময়ত বিষয়াজনে মোৰ প্ৰতিবাদত অংশগ্ৰহণৰ সিদ্ধান্তৰ বিষয়ত কয়, মই যিহেতু কিহৰ বিষয়ে প্ৰতিবাদ হৈছে ভালদৰে অৱগত নহয়, গতিকে মই প্ৰতিবাদত ভাগ ল’ব নালাগিছিল। কিন্তু মই সেই কথাটোত একমত নহ’লো। মই ক’লো যে এইটো হ’ল মানুহৰ নিম্নতম মানৱীয় অধিকাৰৰ কথা। তেওঁলোকৰ সৈতে হোৱা কথা-বতৰা আক্ৰমণাত্মক নাছিল। মই উত্তৰ দিয়াৰ ক্ষেত্ৰত সংযমী আছিলো আৰু মোৰ দৃষ্টিভংগি দাঙি ধৰিছিলো”, কাকতখনত যুৱকজনৰ উদ্ধৃতি।

আনহাতে Chinta Bar-এ এইখন দেশৰ মানুহৰ অধিকাৰ সুৰক্ষা আৰু মানৱতাৰ বাবে সমৰ্থন আগ বঢ়োৱা বাবে জেকবৰ প্ৰতি তেওঁলোকৰ কৃতজ্ঞতা প্ৰকাশ কৰে।