কলংকৰ দাগ! ফ্ৰীতে দিব বিচাৰে চৰকাৰে, তাৰ পিছতো কোনেও নলয় হিটলাৰৰ বন্ধু গ’বেলছৰ প্ৰাসাদ

ফটোঃ সংগ্ৰহীত।

এডলফ হিটলাৰৰ সৈতে প্ৰায় একেলগে আলোচনা কৰা হয় তেওঁৰ প্ৰচাৰ সচিব জোচেফ গ’বেলছৰ নাম। তেওঁৰ সেই বিখ্যাত তত্ত্ব, `এটা মিছা বাৰে বাৰে কওক, সেই মিছাটোৱে সঁচা হৈ পৰিব।‘ হিটলাৰৰ ৰাজত্ব শেষ হোৱাৰ পাছত তেওঁৰ নেতাৰ সৈতে তেওঁৰ নামো মানুহৰ মনত সোমাই আছে।

তেওঁৰ নিষ্ঠুৰতা, ইহুদীসকলক নিঃশেষ কৰাৰ তেওঁৰ অপপ্ৰচাৰৰ যন্ত্ৰৰ বাবে তেওঁ এতিয়াও কুখ্যাত হৈও বিখ্যাত সমগ্ৰ বিশ্বতে। চৰকাৰে সেই গ’বেলছৰ ভিলাটো এতিয়া ফ্ৰীতে (বিনামূল্যে) দিব বিচাৰিছে। হ্ৰদৰ পাৰৰ ভিলাটোৰ নাজী যুগৰ কলংকিত ইতিহাস আছে।

হিটলাৰৰ ঘনিষ্ঠসকলৰ ভিতৰত অন্যতম আছিল জোচেফ গ’বেলছ। হিটলাৰে তেওঁক ৰেডিঅ’, টিভি, বাতৰি কাকতত নাজী চৰকাৰৰ প্ৰচাৰ কৌশল সৃষ্টি কৰাৰ দায়িত্ব দিছিল। গ’বেলছে সেই কামটোকে তেওঁৰ তত্ত্বাৱধানত আন এটা স্তৰলৈ লৈ গ’ল।

লগতে পঢ়কঃ ড্ৰাগছ সেৱন কৰোৱাই অষ্ট্ৰেলিয়াৰ মহিলা সাংসদক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ

হ্ৰদৰ পাৰত থকা গ’বেলছৰ ১৭ হেক্টৰৰ ভিলাটো ১৯৩৬ চনত নিৰ্মাণ কৰা হৈছিল। ইয়াক বিভিন্ন কামত ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান বাৰ্লিন চৰকাৰৰ মালিকানাধীন এই প্ৰাসাদ। নাজী যুগৰ ভয়ানক স্মৃতি আৰু ৰক্ষণাবেক্ষণৰ খৰচৰ বাবে চৰকাৰে আৰু ভিলাটো ৰাখিব নিবিচাৰে। বাৰ্লিনৰ বিত্তমন্ত্ৰী ষ্টেফান এভাৰছে সংবাদ মাধ্যমৰ আগত কয় যে কোনো ব্যক্তিয়ে এই ভিলাটো বিচাৰিলে উপহাৰ হিচাপে তেওঁক দিয়া হ’ব।

বিগত ২০০০ চনৰ পৰা সেই ভিলাটোত কোনেও নাথাকে। ৰক্ষণাবেক্ষণৰ অভাৱৰ বাবে বৰ্তমান ভিলাটোৰ অৱস্থা অতি বেয়া। দিনক দিনে ইয়াৰ অৱস্থা বেয়া হৈ আহিছে। কোনোবাই ভিলাটোৰ খিৰিকী আৰু দুৱাৰ খুলি লৈ গ’ল। ক’ৰবাত প্লাষ্টাৰবোৰ খহি পৰিছে।

এটা সময়ত চৰকাৰে ভিলাটো ল’ব, নহ’লে চুবুৰীয়া ৰাজ্য ব্ৰেণ্ডেনবাৰ্গে ল’ব বুলি চৰ্চা চলিছিল। কেতিয়াবা ব্যক্তিগত মালিককো দিয়াৰ কথা ওলাইছিল। কিন্তু এতিয়ালৈকে সেইবোৰ একো হোৱা নাই।

লগতে পঢ়কঃনৰেন্দ্ৰ মোদীয়ে কিয় গুজৰাটৰ পৰা নিৰ্বাচন নেখেলে? কাৰণ জনাই সৰৱ প্ৰিয়ংকা গান্ধী

এতিয়া চৰকাৰে সেইটো বিনামূলীয়াকৈ দিব বিচাৰিছে। কিন্তু ভিলাটো কোনেও ল’ব নিবিচাৰে। জানিব পৰা গৈছে যে কোনেও ল’ব নিবিচাৰিলে ভিলাটো ভাঙি পেলোৱা হ’ব পাৰে। কাৰণ সেইটো ইয়াৰ ৰক্ষণাবেক্ষণৰ খৰচতকৈ কম হ’ব।