NORTHEAST NOW (Assamese)

“আঁতৰ হ ইয়াৰ পৰা”, দায়িত্ব পালন কৰা ট্ৰেফিক পুলিচক ধমক বিজেপি নেতাৰ পুত্ৰৰ

August 12, 2025 6:53 pm · এন ই নাও নিউজ, গুৱাহাটী

দায়িত্ব পালন কৰিবলৈ গৈ বিজেপি নেতাৰ পুত্ৰৰ দ্বাৰা অপমানিত হ’ল যান-বাহন আৰক্ষীৰ কনিষ্টবল। উত্তৰ প্ৰদেশৰ হাথৰাছৰ বিজেপি নেতাৰ পুত্ৰই কৰিলে এই কাণ্ড। ইতিমধ্যে মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিছে এই ঘটনাৰ ভিডিঅ’।

অভিযোগ অনুসৰি বিজেপি নেতা ঋষিপল সিঙৰ পুত্ৰ তাপেশ সিঙে নিজৰ গাড়ীখন ব্যস্ত পথৰ কাষত ৰখাই থোৱাৰ ফলত যান-জঁটৰ সৃষ্টি হয়। সেই সময়ত ট্ৰেফিক কনিষ্টবল এছ পি সিঙে গৈ গাড়ীখন স্থানান্তৰ কৰিবলৈ কয়। তেতিয়া বিজেপি নেতাৰ পুত্ৰ তাপেশে আৰক্ষীগৰাকীক ‘ইয়াৰ পৰা আঁতৰি যা” বুলি গালি গালাজ কৰিবলৈ আৰম্ভ কৰে।

ইয়াৰ পিছত কনিষ্টবলজনে উত্তৰ দিয়ে, “আপুনি আপোনাৰ দেউতাকৰ সন্মান নষ্ট কৰি আছে।” লগতে আৰক্ষী কনিষ্টবলগৰাকীয়ে কয়, “মোৰ বয়স ৫৫ বছৰ, আৰু তুমি মোক ইয়াৰ পৰা যাবলৈ কৈছা!”

তেতিয়া তাপেশে কয়, “আপোনাৰ বয়স ৫৫ বছৰ হোৱাৰ বাবেই মই সন্মান দেখুৱাইছো।”

উত্তৰত কনিষ্টবলগৰাকীয়ে কয়, “কি সন্মান? আপুনি ট্ৰেফিক জামৰ সৃষ্টি কৰিছে।”

ইয়াৰ পিছত বিজেপি নেতাৰ পুত্ৰ তাপেশ সিঙে কয়, “আপুনি ভালকৈ কথা কওক। আপুনি বিভাগটোৰ সুনাম নষ্ট কৰি আছে। মই ভালকৈ কথা কওঁ।”

তাৰ পিছত ট্ৰেফিক কনিষ্টবলগৰাকীয়ে কয়, “আপুনি যদি ভাল কথা ক’লেহেঁতেন তেন্তে এই পৰিস্থিতি নহ’লহেঁতেন। মই এই ভিডিঅ’টো ফেচবুকত দিম। মই আপোনালোকতকৈ বেছি শিক্ষিত। মই কথা ক’ব জানো। আপুনি আপোনাৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি আছে।”

Related News