NORTHEAST NOW (Assamese)

অসম বিজেপিয়ে আৰম্ভ কৰিলে বিধায়কৰ মূল্যায়ন প্ৰক্ৰিয়া; আজি মধ্য অসম ভ্ৰমণ নেতৃত্বৰ

February 10, 2020 6:52 pm · এন ই নাও নিউজ
অসম বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস। ফাইল ফটো।

অসম বিজেপিয়ে আজিৰ পৰা ইয়াৰ বৰ্তমানৰ বিধায়কসকলৰ মূল্যায়ন প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি এটা সূত্ৰত প্ৰকাশ।

বিধায়কসকলৰ লগতে সমষ্টিত কাম কৰি থকা আন আন নেতাৰো দলীয় কামৰ মূল্যায়ন কৰা হ’ব, সূত্ৰটোৱে কয়।

৮ ফেব্ৰুৱাৰিত বিজেপি, অসম প্ৰদেশৰ সভাপতি ৰঞ্জিত দাসে বিধায়কসকলৰ ৰিপ’ৰ্ট কাৰ্ড লোৱা হ’ব বুলি এটা ঘোষণা কৰিছিল।

দাসে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, এই ৰিপ’ৰ্ট কাৰ্ডহে পৰৱৰ্তী নিৰ্বাচনৰ সময়ত টিকট পোৱাৰ মাপকাঠী হ’ব। সকলো বিধায়কে যে বিচাৰিলেই টিকট নাপাব, সেই কথাৰ ইংগিত দাসৰ মন্তব্যত দেখা গৈছিল।

আজি সভাপতি ৰঞ্জিত দাস, সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা আৰু সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাই কলিয়াবৰ, চামগুৰি আৰু ওচৰ-পাঁজৰৰ আন আন অঞ্চল ভ্ৰমণ কৰে।

“দলে বৰ্তমানৰ সকলো বিধায়ক আৰু নেতা-কৰ্মীৰ ৰিপ’ৰ্ট কাৰ্ড লোৱাৰ সিদ্ধান্ত কৰিছে। এই ৰিপ’ৰ্ট কাৰ্ডৰ আধাৰতে পৰৱৰ্তী নিৰ্বাচনত প্ৰাৰ্থী বাছনি কৰা হ’ব”, দলৰ এজন জ্যেষ্ঠ নেতাই কয়।

উল্লেখ কৰিব পাৰি যে বৰ্তমানৰ শাসনত থকা দলটোৱে ২০২১-ৰ বিধানসভাৰ নিৰ্বাচনত ১০০খনৰ অধিক আসন জিকাৰ লক্ষ্য লৈছে। অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা ১২৬খন।

অগপ আৰু বি পি এফৰ সৈতে মিত্ৰতাৰে চৰকাৰত থকা দলটোৰ বৰ্তমানৰ বিধায়কৰ সংখ্যা ৬১।

আনহাতে বিধায়কৰ ৰিপ’ৰ্ট কাৰ্ড বিচৰাক লৈ দলটোৰ ভিতৰত এক প্ৰকাৰৰ জোকাৰনিৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে।

একাধিক বিধায়কে ইয়াত অসন্তুষ্টি প্ৰকাশ কৰি মন্ত্ৰীসকলৰহে ৰিপ’ৰ্ট কাৰ্ড লওক বুলি মুকলিকৈ মন্তব্য কৰিছে।

Related News