ৰাজহুৱা খণ্ডৰ বেংকে সীমাবদ্ধ কৰিছে ২,০০০ টকীয়া নোটৰ প্ৰচলন।
২০১৬ চনত নৰেন্দ্ৰ মোদী চৰকাৰে বিমুদ্ৰাকৰণৰ নিৰ্দেশ দিয়াৰ পাছতে দেশৰ পৰা পুৰণি ৫০০ আৰু ১০০০ টকীয়া নোট নোহোৱা হৈ যোৱাত বেংকে সীমাবদ্ধতাৰ মাজেৰে ২০০০ টকীয়া নোটৰ প্ৰচলন কৰিছিল।
বৰ্তমান সময়ত ২০০০ টকীয়া নোটৰ প্ৰচলন সীমিত কৰা হৈছে আৰু এ টি এম সমূহৰ পৰা ২০০০ টকীয়া নোট ওলোৱা বন্ধ কৰিছে বুলি ৰাজহুৱা খণ্ডৰ বেংকৰ এগৰাকী বিষয়াই জানিবলৈ দিছে।
গ্ৰাহক সকল চিন্তিত হোৱাৰ কাৰণ নাই
এটা ৰাজহুৱা খণ্ডৰ বেংকে ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰাৰ পাছতো গ্ৰাহকৰ পৰা ২০০০ টকীয়া নোট গ্ৰহণ কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ সীমাবদ্ধ নাই বুলি বেংকৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে।
২০১৯ চনৰ পৰাই ২০০০ টকীয়া নোটৰ মুদ্ৰণ বন্ধ হৈ আছে
এটা আৰ টি আইৰ উত্তৰত চেণ্ট্ৰেল বেংকে ২০১৯ চনৰ অক্টোবৰ মাহৰ পৰাই ২০০০ টকীয়া নোটৰ মুদ্ৰণ বন্ধ হৈ আছে বুলি কয়।
এ টি এমত মাত্ৰ ৫০০, ২০০ আৰু ১০০ টকীয়া নোট জমা কৰা হৈছে
ৰাজহুৱা খণ্ডৰ বেংকটোৱে ২০০০ টকীয়া নোটৰ প্ৰচলন সীমিত কৰাৰ পাছত বেংকটোৰ এ টি এমত মাত্ৰ ৫০০, ২০০ আৰু ১০০ টকীয়া নোটহে উপলব্ধ কৰিছে বুলি জানিবলৈ দিয়ে।
আনহাতে, ৰাহুজুৱা খণ্ডৰ বেংকটোৱে ২,০০০ টকীয়া নোট বন্ধ কৰাৰ প্ৰসংগত কোনোধৰণৰ নিৰ্দিষ্ট কাৰণ নাই বুলিও লগতে কৈছে।