গুলাম নবী আজাদৰ দাবী: হিমন্ত পৰ্ব ৰাহুল গান্ধীৰ ‘ভুল পৰিচালনা’ আছিল; ছোনিয়া আছিল নিমাত!

এসময়ত অসমত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ নেতা হিমন্ত বিশ্ব শৰ্মাৰ সংখ্যাগৰিষ্ঠ বিধায়কৰ সমৰ্থন আছিল আৰু তেওঁ বিদ্ৰোহ কৰি দল ত্যাগ কৰিব বুলি কোৱাৰ পিছতো ৰাহুল গান্ধীয়ে নিসংকোচে ‘’তেওঁক যাবলৈ দিয়ক” বুলি স্পষ্ট কৰি দিছিল। নিজৰ আত্মজীৱনী “আজাদ”ত এইদৰে লিখিছে গুলাম নবী আজাদে।

২০২২ চনৰ আগষ্টত দল ত্যাগ কৰা আৰু নিজৰ আঞ্চলিক দল আৰম্ভ কৰা কংগ্ৰেছৰ প্ৰাক্তন অনুগত আজাদে ছোনিয়া গান্ধীক লক্ষ্য কৰি কয় যে তেওঁ “সন্মুখলৈ অহা ধ্বংসাত্মক পৰিণামবোৰ বুজি পোৱা স্বত্বেও” নিজে দলৰ সভাপতি হিচাপে কোনো দাবী কৰা নাছিল।

বিজেপিত গৈ যোগদান কৰা আৰু অসমৰ মুখ্যমন্ত্ৰী হোৱা শৰ্মা এজন গুৰুত্বপূৰ্ণ কংগ্ৰেছ ৰণনীতিবিদ আছিল। ২০১৫ চনৰ ছেপ্টেম্বৰত অসমত কংগ্ৰেছ নেতৃত্বৰ সৈতে মতভেদক লৈ দল ত্যাগ কৰাৰ সময়ত দহজন বিধায়কে তেওঁক অনুসৰণ কৰিছিল।

লগতে পঢ়ক: আদানি গ্ৰুপৰ পিছত এইবাৰ ‘টাৰ্গেট’ত কোন? হিণ্ডেনবাৰ্গৰ নতুন টুইটত শ্বেয়াৰ বজাৰত জোকাৰণি!

“ৰাহুলে আমাক স্পষ্টকৈ কৈছিল যে নেতৃত্বত কোনো পৰিৱৰ্তন নহ’ব। আমি তেওঁক (ৰাহুল) আঙুলিয়াই দিছিলো যে হিমন্তৰ সংখ্যাগৰিষ্ঠ বিধায়ক আছে আৰু তেওঁ বিদ্ৰোহ কৰিব আৰু দল ত্যাগ কৰিব। ‘তেওঁক যাবলৈ দিয়ক’ ৰাহুলে কৈছিল। বৈঠকখন শেষ হৈছিল।” অহা মাহত মুক্তি পাবলগীয়া ৭৪ বছৰীয়া আজাদে তেওঁৰ আত্মজীৱনীত এইদৰে লিখিছে।

নৱগঠিত ডেমক্ৰেটিক প্ৰগ্ৰেছিভ আজাদ পাৰ্টিৰ অধ্যক্ষ আজাদে কয় যে ৰাহুল গান্ধীয়ে শৰ্মা পৰ্বটো “ভুল পৰিচালনা” কৰিছিল।

উল্লেখ্য যে ৫৪ বছৰীয়া হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ এৰি যোৱাৰ মাত্ৰ পাঁচ বছৰ পিছত তেওঁ অসমত বিজেপিৰ হৈ একেৰাহে দ্বিতীয়টো জয় নিশ্চিত কৰাত ২০২১ চনত মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।

আজাদৰ মতে, তেওঁ নিশ্চিত নাছিল যে ৰাহুলে “নিজকে প্ৰমাণ কৰিবলৈ কি কৰিছিল বা হয়তো তেওঁ অজ্ঞ আছিল যে তেওঁৰ সিদ্ধান্তৰ সুদূৰপ্ৰসাৰী পৰিণাম কেৱল অসম ৰাজ্যতে নহয়, সমগ্ৰ উত্তৰ-পূবত পৰিব”।

ৰাজ্যসভাৰ বিৰোধী দলৰ প্ৰাক্তন নেতাজনে কয় যে তেওঁ ৰাহুল গান্ধীৰ সৈতে বাৰ্তালাপৰ পিছত ছোনিয়া গান্ধীক নতুন “কাহিনীটোৰ গতি”ৰ বিষয়ে অৱগত কৰিছিল।

লগতে পঢ়ক: যুদ্ধৰ খৱৰ! ৰাছিয়াৰ ড্ৰোণ আক্ৰমণত কিয়েভ অঞ্চলত ৮ জন নিহত; দাবী ইউক্ৰেইনৰ

আজাদে লিখিছে, “… এইটো বৰঞ্চ দুৰ্ভাগ্যজনক যে তেওঁ নিজকে দলৰ সভানেত্ৰী হিচাপে কোনো দাবী কৰা নাছিল। তাৰ পৰিৱৰ্তে, তেওঁ মোক হিমন্তক নাওখন দিশহাৰা নকৰিবলৈ অনুৰোধ কৰিবলৈ কৈছিল।”

গ্ৰন্থখনৰ প্ৰকাশক ৰূপাই এটা বিবৃতিত কৈছে যে ৰাজীৱ গান্ধীক ৰাজনীতিলৈ অনাৰ বাবে ইন্দিৰা গান্ধীৰ সৈতে ৰণনীতি প্ৰস্তুত কৰাৰ পৰা আৰু ছোনিয়াক দলৰ মুৰব্বী হ’বলৈ সৈমান কৰা তথা ৰাহুল গান্ধী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ মতানৈক্যত তেওঁৰ মধ্যস্থতাৰ প্ৰচেষ্টালৈকে “আজাদ”ত গুলাম নবীয়ে নেতৃত্বৰ প্ৰত্যাহ্বান আৰু ৰাজনৈতিক দৃশ্যপটত নতুন চিন্তা কৰিবলৈ সাহস কৰাৰ পৰিণামবোৰৰ অন্বেষণ কৰিছে।