পুনৰ গেৰুৱা হোৱাৰ দিশে ত্ৰিপুৰা-নাগালেণ্ড: মেঘালয়ত কনৰাড চাংমাৰ এন পি পি- ৰ অগ্ৰগতি

Election result in Nagaland-Tripura and Meghalaya

প্ৰত্যাশিতভাৱেই নিৰ্বাচনী ফলাফল লাভ কৰাৰ দিশে আগবাঢ়িছে উত্তৰ-পূবৰ তিনি ৰাজ্য। কোনো পৰিবৰ্তন নঘটাকৈ পুনৰ শাসনলৈ অহাৰ ইংগিত বহন কৰি বৰ্তমানলৈকে হোৱা ভোটগণনাত আগবাঢ়ি আছে ৰাজ্যকেইখনৰ বৰ্তমানৰ দল।

এইপৰ্যন্ত হোৱা ভোটগণনাত নাগালেণ্ডত বিজেপি মিত্ৰজোঁটে শক্তিশালী অগ্ৰগতি লাভ কৰাৰ বিপৰীতে মেঘালয়ত কনৰাড চাংমাৰ এন পি পি আগবাঢ়ি আছে। আনহাতে ত্ৰিপুৰাত বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি আশংকা কৰা হৈছিল যদিও বৰ্তমানলৈকে হোৱা ভোটগণনাই তেনে সম্ভাৱনা নাকচ কৰিছে।

ত্ৰিপুৰাত শাসকীয় বিজেপিয়ে প্ৰতিদ্বন্দ্বী বাওঁ-কংগ্ৰেছৰ মিত্ৰজোঁটৰ বিৰুদ্ধে বৃহৎ অগ্ৰগতি লাভ কৰিছে। ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ফ্ৰণ্ট অৱ ত্ৰিপুৰা, চমুকৈ আই পি এফ টিৰ সৈতে মিত্ৰজোঁটত থকা দলটো বৰ্তমান ২৭ খন আসনত আগবাঢ়ি আছে।

আনহাতে বাওঁ-কংগ্ৰেছ মিত্ৰজোঁটে এইপৰ্যন্ত ১৯ খন আসনত অগ্ৰগতি লাভ কৰিছে। ১৩ খন আসনত আগবাঢ়ি আছে টিপৰাহা ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ৰিজ’নেল এলায়েন্স, চমুকৈ টি আই পি আৰ এ।

ইফালে মেঘালয়ত প্ৰথমবাৰৰ বাৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক পিছত ৰাখি পুনৰ শাসনলৈ অহাৰ সম্ভাৱনা বৃদ্ধি কৰি ৰাখিছে কনৰাড চাংমাৰ নেচনেল পিপলছ পাৰ্টি, চমুকৈ এন পি পি- দলে।

এন পি পি- এ এইপৰ্যন্ত ২১ খন আসনত অগ্ৰগতি লাভ কৰি থকাৰ বিপৰীতে তৃণমূলে ৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টি, চমুকৈ ইউ ডি পি- য়েও ৮ খন আসনত অগ্ৰগতি বজাই ৰাখিছে। আনহাতে শাসকীয় চৰকাৰত এন পি পি- ৰ সহযোগী হিচাপে থকা বিজেপি ৭ খন আসনত আগবাঢ়ি আছে।

পাঁচ বছৰীয়া মিত্ৰতাৰ অন্ত পেলাই এইবাৰ নিৰ্বাচনত পৃথকে পৃথকে অৱতীৰ্ণ হৈছে বিজেপি আৰু এন পি পি। কিন্তু দল দুটাৰ মাজত আলোচনা চলি আছে বুলি অনুমান কৰা হৈছে। মঙলবাৰে গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাৰ মাজত মাজনিশা হোৱা বৈঠকে এই সম্ভাৱনাকে ব্যক্ত কৰিছে।

নাগালেণ্ডত বিজেপি আৰু সহযোগী এনডিপিপি (নেশ্যনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি) বৃহৎ বিজয়ৰ দিশত আগবাঢ়িছে। ৬০ জনীয়া বিধানসভাত ৪৭ খন আসনত আগবাঢ়ি আছে মিত্ৰজোঁট।