NORTHEAST NOW (Assamese)

আন্ত:মহাবিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়ন জিআইএমটি-গুৱাহাটী

March 4, 2022 8:34 pm · এন ই নাও নিউজ, গুৱাহাটী

গিৰিজানন্দ ইনষ্টিটিউট অফ মেনেজমেন্ট এণ্ড টেকন’লজি চমুকৈ জিআইএমটি-গুৱাহাটীৰ ক্ৰিকেট দলটোৱে এনজিপিএল (নেমকেয়াৰ গ্ৰুপ প্ৰিমিয়াৰ লীগ)ত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে।

প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা মুঠ ২৪টা দলে অংশগ্ৰহণ কৰিছিল।

জিআইএমটিৰ ইলেকট্ৰনিকছ এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙ বিভাগৰ বি টেকৰ সপ্তম ষাণ্মাষিকৰ ৱাহিদুজ জামান (জামান ৱাহিদুজ)য়ে চেম্পিয়ন দলটোৰ অধিনায়ক আছিল।

জিআইএমটিৰ ক্ৰিকেট দলটো বি টেক বিভাগৰ ছাত্ৰসকলৰ দ্বাৰা গঠিত হৈছিল।

লগতে পঢ়ক: স্তম্ভিত বিশ্ব: হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ

চেম্পিয়ন হোৱাৰ সূত্ৰে জিআইএমটিৰ দলটোৱে ট্ৰফীৰ লগতে নগদ ৪০,০০০টকা পুৰস্কাৰ হিচাপে লাভ কৰে।

জিআইএমটিৰ দলটোৱে লাভ কৰা এই কৃতিত্বৰ বাবে দলটোক জিআইএমটিৰ পৰিয়ালৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়।    

Related News